“কৱীৰ সিং”ৰ বৃহৎ সফলতাৰ পিছত এইবাৰ শ্বাহিদ কাপুৰক দেখিবলৈ পোৱা যাব টেলেগু ছবি “জৰ্সী” ৰ হিন্দী ৰিমেকত। উক্ত ছবি খনৰ টেলেগু সংস্কৰণটো যি গৰাকী পৰিচালকৰ নিৰ্দেশনাত নিৰ্মিত হৈছিল তেওঁৱেই ছবিখনৰ হিন্দী সংস্কৰণটোও পৰিচালনা কৰিব। পৰিচালক গৰাকীৰ নাম হৈছে গৌতম।

“অৰ্জুন ৰেড্ডী” ৰ ৰিমেকৰ সফলতাৰ পিছত এই ছবিখনৰ ৰিমেকক লৈও উৎসাহী হৈ পৰিছে অভিনেতা শ্বাহিদ কাপুৰ। “জৰ্সী” ৰ ৰিমেক ছবিখনত অভিনয়ৰ বাবে শ্বাহিদ কাপুৰক মুঠ ৩৫ কোটি টকা দিয়া হ’ব লগতে অভিনেতা গৰাকীয়ে প্ৰফিট শেয়াৰৰ পৰাও ৩০ শতাংশ লাভ কৰিব।

শ্বাহিদ কাপুৰে পূৰ্বৰ তুলনাত প্ৰথমবাৰৰ বাবে লাভ কৰিব বৃহৎ অংকত ধন। আছলতে ক’ব পাৰি যে, “কৱীৰ সিং” ৰ সফলতাই প্ৰমাণ কৰিলে যে শ্বাহিদ কাপুৰে ৰিমেকত অভিনয় কৰি সফলতা অৰ্জন কৰিব পাৰে।
Add comment