Rupaliparda.com
মুক্তিৰ বাবে সাজু দীপলিনাৰ "ৰং-বিৰং"- 1

মুক্তিৰ বাবে সাজু দীপলিনাৰ “ৰং-বিৰং”-

ৰোমান্টিক গীতত নিজৰ সুঁতি মজবুত কৰি লোৱা কন্ঠশিল্পী দীপলিনা ডেকাই এইবাৰ কন্ঠদান কৰিছে এক অইন থীমত। “ৰং-বিৰং” শীৰ্ষক গীতটি মুক্তি পাবলৈ মাজত মাত্ৰ কেইটামান দিন। গীতটিৰ মুক্তিৰ বাবে দৰ্শকতকৈ অধিক আগ্ৰহেৰে অপেক্ষা কৰি আছে দীপলিনাই।

মুক্তিৰ বাবে সাজু দীপলিনাৰ "ৰং-বিৰং"- 2


গীতটি ভিডিঅ’ আকাৰে মুক্তি কৰা হ’ব। কন্ঠশিল্পী গৰাকীয়ে নিজ ইনষ্টাগ্ৰাম একাউন্টত এটা পোষ্ট যোগে দৰ্শকক গীতটিৰ বিষয়ে জানিব দিয়াৰ লগতে তেওঁ কেপছনত লিখে যে, “এসপ্তাহতকৈ কম সময়ৰ ভিতৰত মুক্তি লাভ কৰিব মোৰ পোৱালিস্বৰূপ “ৰং-বিৰং” গীতটি। চাওঁক, মোৰ চকুত আপোনালোকে ইয়াৰ সুখ দেখিবলৈ পাইছে।”

https://www.instagram.com/p/B3mszWFBepc/?utm_source=ig_web_copy_link


এই উৎসৱৰ সময়ছোৱাতে যদি নৱ প্ৰজন্মৰ প্ৰিয় গায়িকা গৰাকীৰ গীতটিয়ে মুক্তি লাভ কৰে; তেতিয়াহ’লে ইয়াতকৈ অধিক উৎসৱৰ আনন্দ আৰু কি হ’ব পাৰে!

মুক্তিৰ বাবে সাজু দীপলিনাৰ "ৰং-বিৰং"- 3


লগতে, আপোনালোকক জনাই থওঁ যে,”ৰং-বিৰং” গীতটি লিখিছে ৰাজদ্বীপে লগতে ইয়াত সুৰ দিছে প্ৰণয় দত্তই।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.