মুক্তিৰ পূৰ্বেই দৰ্শকক মোহিবলৈ সক্ষম হৈছে এখন অসমীয়া চিনেমাই। কেৱল মাত্ৰ অসমীয়া দৰ্শকৰে নহয়; বলীউডৰ এগৰাকী জনপ্ৰিয় পৰিচালক তথা নিৰ্মাতা লগতে লিখক অনুৰাগ কাশ্যপেও এই ছবিখনৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে। ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰৰ চলচিত্ৰ মহোৎসৱত সগৌৰৱে প্ৰদৰ্শিত এই ছবিখনৰ নাম হৈছে “আমিষ- Consumed By Love”।

“কথানদী” ছবিখনৰ পৰিচালক ভাস্কৰ হাজৰিকাৰ পৰিচালনাত নিৰ্মিত এই ছবিখনক উদ্দেশ্যি অনুৰাগ কাশ্যপে এক ভিডিঅ’ প্ৰস্তুত কৰে; য’ত তেওঁ নিজক অসমীয়া খাদ্য খোৱাৰ পৰা ৰখাব নোৱাৰে। তেওঁৰ এই ভিডিঅ’টি বৰ্তমান চচিয়েল মিডিয়াত বহুল সংখ্যাত ভাইৰেল হৈ পৰিছে।
চলিত বৰ্ষৰ ২২ নৱেম্বৰ তাৰিখে মুক্তি পাবলগীয়া এই ছবিখনত দৰ্শকে দেখিবলৈ পাব দুখন ন-মুখৰ সৈতে এটা ভয়ানক প্ৰেম কাহিনী। বিভিন্ন খাদ্যৰ প্ৰতি থকা দূৰ্বলতা তথা মাংসৰ প্ৰতি থকা আকৰ্ষণৰ ফলত কেনেদৰে এহাল যুৱক-যুৱতী পৰস্পৰে পৰস্পৰৰ কাষ চাপে তাকেই দেখুওৱা হ’ব “আমিষ” ত।

ইয়াত অভিনয় কৰিছে নিতালী দাস, সাগৰ সৌৰভ আৰু মানস কুমাৰ দাসে।
Add comment