“বালা চেলেঞ্জ” ত কেৱল বলীউডেই নহয়; ইয়াৰ জ্বৰে আক্ৰান্ত কৰিছে জলীউডৰো একাংশ অভিনেতা অভিনেত্ৰীক। “বিধাতা” ধাৰাবাহিকখনত অভিনীত তথা কেইবাটাও অসমীয়া মিউজিক ভিডিঅ’ ত দেখিবলৈ পোৱা অভিনতা কিশোৰ দাসে এই “BalaChallenge” টো কৰে।

কিশোৰ দাসৰ আহিবলগীয়া এটা মিউজিক ভিডিঅ’ ৰ শ্বুটিঙৰ সময়ছোৱাতে অভিনেতা গৰাকীয়ে নিজৰ সহকাৰী ডেন্সাৰ সমূহৰ সৈতে লগ লাগি এই “চেলেঞ্জ” টো সম্পূৰ্ণ কৰে।
আপোনালোকক জনাই থওঁ যে, অভিনেতা কিশোৰ দাস বৰ্তমান ব্যস্ত গীতাঞ্জলী দাসে কন্ঠদান কৰা এটি গীতৰ ভিডিঅ’ৰ সৈতে। গীতটিত কিশোৰৰ লগতে অভিনয় কৰিছে অসমীয়া ছবি জগতৰ মোহময়ী অভিনেত্ৰী অমৃতা গগৈও।







Add comment