Rupaliparda.com
সাক্ষাৎকাৰ বিশেষঃ "চুলি কেইডালৰ বাবেই মোক "মেগী" বুলি মাতিছিল, "মেগী" ভালো পাওঁ বাৰু"- পল্লৱী প্ৰয়াসী 1

সাক্ষাৎকাৰ বিশেষঃ “চুলি কেইডালৰ বাবেই মোক “মেগী” বুলি মাতিছিল, “মেগী” ভালো পাওঁ বাৰু”- পল্লৱী প্ৰয়াসী

২০১২ চনত অসমীয়া সংগীত ক্ষেত্ৰখনত খোজ দিয়া পল্লৱী প্ৰয়াসীৰ নামটো আপোনালোকৰ বাবে নতুন হ’লেও হয়টো তেওঁৰ কন্ঠ নতুন নহয়। অসমীয়াকে ধৰি বিভিন্ন ভাষা যেনে নেপালী, বড়ো, মিছিং, আদিবাসী আদিত নিজৰ কন্ঠদান কৰিছে পল্লৱী প্ৰয়াসীয়ে। কৃষ্ণমণি চুতীয়া, আচুৰ্য্য বৰপাত্ৰকে ধৰি আন কেইবাটাও সংগীত জগতৰ জনপ্ৰিয় নামে নিজ কন্ঠদান কৰিছে পল্লৱীৰ গীতত।

সাক্ষাৎকাৰ বিশেষঃ "চুলি কেইডালৰ বাবেই মোক "মেগী" বুলি মাতিছিল, "মেগী" ভালো পাওঁ বাৰু"- পল্লৱী প্ৰয়াসী 2


সৰুৰ পৰাই সাংস্কৃতিক পৰিৱেশত ডাঙৰ-দীঘল হোৱা এই গৰাকী কন্ঠশিল্পীৰ সৈতে ৰূপালী পৰ্দাৰ সাক্ষাৎকাৰ বিশেষত আমি পাতিছিলো কিছু কথা। চাওঁচোন আহকঃ

প্ৰশ্নঃ আপুনি, সংগীত ক্ষেত্ৰখনৰ সৈতে কেতিয়াৰ পৰা জড়িত হৈছিল?

পল্লৱী প্ৰয়াসীঃ সৰুৰ পৰাই মই এটা গানৰ পৰিৱেশ লাভ কৰিছো; কেৱল আমাৰ ঘৰতেই নহয়, মোৰ মামাহঁতৰ তাতো একেই পৰিৱেশে মই পাইছো। ইয়াৰ পিছতেই, মই বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছো লগতে বিভিন্ন ফাঞ্চন তথা অনুষ্ঠানতো গীত পৰিৱেশন কৰিছো। গতিকে এনেকৈয়ে মই মোৰ সংগীতৰ যাত্ৰাৰ আৰম্ভণি কৰিছিলো।
মই প্ৰফেচনেলি ৰেকৰ্ডিং আৰম্ভ কৰিছিলো ২০১২ চনৰ পৰাহে; মোৰ প্ৰথমটো গীত আছিল “পাৰিজাত”। সহকাৰী গায়িকা হিচাপে বিভিন্ন জনৰ সৈতে অসমীয়া, নেপালী, বড়ো, মিছিং, আদিবাসী আদি ভাষাত কন্ঠদান কৰাৰ লগতে চুটি ছবি, ধাৰাবাহিকতো মই কাম কৰিছো। মোৰ “চেংকলিদৈ”, “পাটমাদৈ” আদি বিহুসুৰীয়া গীত তথা “দেশী গাৰ্ল” নামৰ গীতকেইটিয়ে ইতিমধ্যে মুক্তি লাভ কৰিছে।
কিছুদিন পূৰ্বে, অৰ্থাৎ ১৩ অক্টোবৰ তাৰিখে আচুৰ্য্য দা আৰু মই লগ হৈ এটা গীত মুক্তি কৰিছো; নামটো হৈছে “জীৱন হোৱানা”। গীতটিয়ে ইতিমধ্যে দৰ্শকৰ যথেষ্ট সঁহাৰি লাভ কৰিছে। আৰু, মই জনাবলৈ পাই সুখী যে মোৰ মুক্তি পোৱা গীতসমূহ প্ৰত্যেকটোৱে মই নিজে লিখিছো আৰু তাত সংগীত দিছো। উক্ত গীতকেইটিৰ প্ৰায় কাম মোৰ হ’ম প্ৰডাকছন “ড্ৰনাক্স” ৰ পৰাই কামবোৰ সম্পূৰ্ণ হৈছে। “নাহৰ” নামৰ মই লিখা কবিতাটিও দৰ্শকে খুব ভাল পাইছে

সাক্ষাৎকাৰ বিশেষঃ "চুলি কেইডালৰ বাবেই মোক "মেগী" বুলি মাতিছিল, "মেগী" ভালো পাওঁ বাৰু"- পল্লৱী প্ৰয়াসী 3

প্ৰশ্নঃ কেতিয়াবলৈ যদি সুবিধা লাভ কৰে তেনেহ’লে বলীউডৰ কোন গৰাকী গায়কৰ সৈতে গান গাব বিচাৰিব?

পল্লৱী প্ৰয়াসীঃ ইচ্ছাটো বহুত বেছি আছে বলীউডত গৈ কন্ঠদান কৰাৰ আৰু বলীউডৰ বহুকেইজন গায়কেই মোৰ প্ৰিয়। এই প্ৰিয় কেইজনৰ ভিতৰত যদি মোক শীৰ্ষ স্থানত কাৰোবাক ৰাখিবলৈ কোৱা হয়; তেনেহ’লে মই আৰিজিৎ সিঙকেই ৰাখিম আৰু তেওঁৰ সৈতে কন্ঠদান কৰিবলৈ বিচাৰিম।

সাক্ষাৎকাৰ বিশেষঃ "চুলি কেইডালৰ বাবেই মোক "মেগী" বুলি মাতিছিল, "মেগী" ভালো পাওঁ বাৰু"- পল্লৱী প্ৰয়াসী 4

প্ৰশ্নঃ আপোনাৰ কিবা জুকোৱা নাম আছেনে?

পল্লৱী প্ৰয়াসীঃ আছিলে… বাপ ৰে। মোৰ চুলি খিনিৰ কাৰণে একমাত্ৰ সকলোৱে মোক “মেগী” নামেৰে মাতি কামোৰটো দিছিল।
কিন্তু, মই মেগী খাই বহুত ভাল পাওঁ গতিকে এই নামটোওঁ মোৰ যথেষ্ট প্ৰিয়।

সাক্ষাৎকাৰ বিশেষঃ "চুলি কেইডালৰ বাবেই মোক "মেগী" বুলি মাতিছিল, "মেগী" ভালো পাওঁ বাৰু"- পল্লৱী প্ৰয়াসী 5

প্ৰশ্নঃ আপোনাৰ আগন্তুক প্ৰজেক্টৰ বিষয়ে জানিব বিচাৰিম।

পল্লৱী প্ৰয়াসীঃ আগন্তুক কেইবাটাও প্ৰজেক্টৰ কাম কৰি আছো। বিহুসুৰীয়া মৰ্ডাণ গীত এটাৰ লগতে কেইবাটাও ৰোমাণ্টিক গীতৰ কাম একেলগত চলি আছে।
“পাৰিজাত” আৰু “ৰিৱিগাচেং” শীৰ্ষক এলবাম দুটাৰ কাম পূৰ্ণগতিত চলি আছে লগতে আচুৰ্য্য দাৰ সৈতে মই অইন এটা গীতৰ পৰিকল্পনাও কৰি আছো। চাওঁচোন কিমান দূৰ আগবাঢ়িব পাৰো।

সাক্ষাৎকাৰ বিশেষঃ "চুলি কেইডালৰ বাবেই মোক "মেগী" বুলি মাতিছিল, "মেগী" ভালো পাওঁ বাৰু"- পল্লৱী প্ৰয়াসী 6

…ধন্যবাদ বা। আপোনাৰ মূল্যৱান সময়ৰ পৰা আমাক এইকণ সময় দিয়াৰ বাবে ধন্যবাদ…

পল্লৱী প্ৰয়াসীঃ ধন্যবাদ

পল্লৱী প্ৰয়াসীৰ কেইটামান জনপ্ৰিয় গীতৰ লিংক তলত দি দিয়া হৈছেঃ

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform