… ঠিক আজিৰ নিচিনাকৈ ৬০ দশকৰো বলীউড ক্ষেত্ৰত কৰা হৈছিল নতুনৰ সন্ধান অৰ্থাৎ পতা হৈছিল “টেলেণ্ট হাণ্ট”। ১৯৬৫ চনত ইউনাইটেড প্ৰডিউচাৰ তথা ফিল্মফেয়াৰৰ দ্বাৰা আয়োজিত এনেকুৱা এখন “টেলেণ্ট হাণ্ট” প্ৰতিযোগিতালৈ প্ৰতিযোগীৰূপে উপস্থিত হৈছিল এজন সুন্দৰ যুৱক। প্ৰায় ১০ হাজাৰ ল’ৰাৰ মাজৰ পৰা বিজয়ীৰূপে ওলাই অনা হৈছিল ৰাজেশ খান্নাক। তাৰ পিছৰ পৰাই বলীউড জগতত আৰম্ভ হৈছিল ৰাজেশ খান্নাৰ অবিৰত যাত্ৰা।

১৯৪২ চনৰ ২৯ ডিচেম্বৰত অমৃতসৰত জন্মগ্ৰহণ কৰা এই অভিনেতাগৰাকীৰ প্ৰকৃত নাম আছিল যতীন খান্না। বলীউডত তেওঁক সকলোৱে “কাকা” বুলি মাতিছিল। তেওঁ চুপাৰষ্টাৰ থকা সময়ছোৱাত তেতিয়াৰ দৰ্শকৰ দ্বাৰা ব্যৱহৃত এটা বিখ্যাত সংলাপ আছিল এনেধৰণৰ “ওপৰ আক্কা… নীচে কাকা”। প্ৰায় ১৬৩ খন ফিচাৰ ফিল্ম আৰু ১৭ খন ছৰ্ট ফিল্মত অভিনয় কৰা এই অভিনেতাগৰাকীৰ প্ৰথম চিনেমা আছিল ১৯৬৬ চনত মুক্তিপ্ৰাপ্ত “আখৰী খট্”। তেওঁৰ দ্বিতীয়খন চিনেমা “আৰাধনা” আৰু তৃতীয়খন চিনেমা “ড’ ৰাষ্টে” ৰ সফলতাৰ অন্তত ৰাজেশ খান্নাক চুপাৰষ্টাৰ হিচাপে ঘোষণা কৰি দিয়া হৈছিল। উল্লেখ্য যে, কেৰিয়াৰ আৰম্ভৰ প্ৰথম সময়ছোৱাত অভিনেতাগৰাকীয়ে বহুতো পৰিচালকৰ অফিচৰ দোৱাৰত টোকৰ মাৰিছিল যদিও বিফল হৈছিল। কিন্তু, এই কষ্ট আৰু পৰিশ্ৰম কৰা দিনটো পৰিচালকৰ ওচৰলৈ তেওঁ যিখন গাড়ী লৈ গৈছিল সেইখন তেতিয়াৰ সময়ৰ অভিনেতাৰ ওচৰতো নাছিল বুলি শুনিবলৈ পোৱা গৈছিল।

ৰাজেশ খান্নাক অধিক জনপ্ৰিয় কৰাৰ পিছত সংগীতকাৰ আৰ.ডি.বৰ্মন আৰু গায়ক কিশোৰ কুমাৰ হাত থকা বুলি বহুতেই কয়। অৱশ্যে কথাটো মিছাও নহয়, কিয়নো কিশোৰ কুমাৰে ৰাজেশ খান্না অভিনীত ৯১ খন চিনেমাত কণ্ঠদান কৰিছিল আৰু তেওঁৰ ৪০ খন চিনেমাত আৰ.ডি.বৰ্মন সংগীতকাৰ ৰূপে আছিল।

“আৰাধনা”, “সচ্ছা জুঠা”, “কঁটী পতংগ”, “মেহবুব কী মেহেন্দী”,”আনন্দ”, “আন মিল’ সজনা”, “আপকী কচম” আদি চিনেমাত ৰাজেশ খান্নাৰ অভিনয়ে দৰ্শকক আকৰ্ষিত কৰাৰ লগতে ঘৰৰ বাহিৰত পৰিচালকৰ লাইন লগাই দিছিল। “আৰাধনা” ছবিখনৰ “মেৰী চপনো কী ৰাণী কব আয়েগী টু” সংগীতটি তেতিয়াৰ সময়ত চুপাৰহিট হোৱাৰ লগতে বৰ্তমানেও বহুতৰে মুখত শুনিবলৈ পোৱা যায়। “আনন্দ” চিনেমাখনত ৰাজেশ খান্নাৰ এজন ডেকা কেঞ্চাৰ ৰোগীৰ অভিনয়ে চিনেমাখন এতিয়াও দৰ্শকৰ চকুত জল জল-পট-পট কৰি ৰাখিছে।

“ৱংজীৰ” আৰু “শ্বোলে” ৰ নিচিনা একচন ছবিৰ পিছত ৰোমাণ্টিক ছবিৰ প্ৰাধান্য কমি গৈছিল ফলত ৰাজেশ খান্না ১৯৭৫ চনৰ পৰা ক্ষেত্ৰখনত কিছু পিছপৰি ৰ’ল। সেই সময়ত অমিতাভ বচ্চন আৰু ৰাজেশ খান্নাক প্ৰতিদ্বন্দী হিচাপে সকলোৱে চাইছিল। ৰোমাণ্টিক হিৰ’ হিচাপে ৰাজেশ খান্না জনপ্ৰিয় হোৱা স্বত্বেও অহংকাৰৰ বাবেই তেওঁ “চুপাৰষ্টাৰ” খিতাপ বৰ বেছি দিন নিজৰ সৈতে ৰাখিব নোৱাৰিলে বুলিও বহুতেই কয়।

যি কি নহওঁক, তেওঁৰ অভিনয় আৰু তেওঁৰ ষ্টাইলে বৰ্তমানেও তেওঁক সকলোৰে হৃদয়ত জীয়াই ৰাখিছে। ২০১২ চনৰ ১৮ জুলাই তাৰিখে “কাকা” ৰ মৃত্যু হৈছিল।
Add comment