Rupaliparda.com
কবিতাৰ কাহিনীৰে আহি আছে "দা ফায়াৰিং ৰেঞ্জ"- 1

কবিতাৰ কাহিনীৰে আহি আছে “দা ফায়াৰিং ৰেঞ্জ”-

গল্প আৰু উপন্যাসৰ কাহিনীক মূল হিচাপে লৈ বৰ্তমানলৈ নিৰ্মাণ হৈছে বহুকেইখন চিনেমা । এক কথাত ক’বলৈ হ’লে চিনেমাৰ লগত গল্প তথা উপন্যাসৰ ওতঃপ্ৰোত সম্পৰ্ক আছে। ঠিক তেনেদৰে এইবাৰ এটা কবিতাৰ কথাক কাহিনী আকাৰে লৈ নিৰ্মাণ কৰা হৈছে এখন ছবি “দা ফায়াৰিং ৰেঞ্জ”।

কবিতাৰ কাহিনীৰে আহি আছে "দা ফায়াৰিং ৰেঞ্জ"- 2


ইতিমধ্যে পোষ্টাৰ মুকলি হোৱা এই ছবিখনৰ পৰিচালনা,কাহিনী, চিত্ৰনাট্য লগতে সংলাপ ৰচনা প্ৰণৱ কুমাৰ বৰদলৈৰ। তেওঁৰেই ৰচিত “ছাতি” কবিতাটোক ভিত্তি হিচাপে লৈ আৰম্ভ হৈছে উক্ত চিনেমাখন। এটা বাস্তৱধৰ্মী আৰু সংবেদনশীল কাহিনীৰ ওপৰত ৰচিত ছবিখনৰ মূল হৈছে “ঘৰ হেৰুওৱা শৰনাৰ্থী”।

কবিতাৰ কাহিনীৰে আহি আছে "দা ফায়াৰিং ৰেঞ্জ"- 3


ছবিখনত বোমা বাৰুদে সৃষ্টি কৰা আতংকময় পৰিস্থিতিৰ ঘটনাও উপস্থাপন কৰা হৈছে। চিফুং দা আৰ্টিষ্ট বেনাৰত বোলছবিখন প্ৰযোজনা কৰিছে পৰী শৰণীয়া আৰু সহকাৰী প্ৰযোজক হিচাপে কাম কৰিছে নিতুল শৰ্মাই। অভিনয় কৰিছে অজিত মহন্ত,নন্দ কুমাৰ কিশোৰ, মেঘনাদ মল্ল,দীপক বৰগয়াৰীনন পুষ্পাঞ্জলী ভূঞা, অনামিকা ডেকা, ৰূপজ্যোতি ডেকাকে ধৰি বহু কেইজন ন-পুৰণি শিল্পীয়ে। ছবিখনৰ গীতত কণ্ঠদান কৰিছে জুবিন গাৰ্গ,অমৃতপ্ৰভা আৰু সূৰ্যই। কিছুমান সত্য কাহিনীৰ ওপৰত ভিত্তি কৰি নিৰ্মিত এই ছবিখন অতি সোনকালেই চিত্ৰগৃহৰ কাষ চাপিব।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.