Rupaliparda.com
ঋতৃষা কন্ঠৰে ৰাইজৰ মাজলৈ "পেহলা পেহলা প্যাৰ"- 1

ঋতৃষা কন্ঠৰে ৰাইজৰ মাজলৈ “পেহলা পেহলা প্যাৰ”-

যোৱাটো বছৰত মুক্তিপ্ৰাপ্ত ছবিসমূহৰ ভিতৰত উল্লেখনীয় এখন হৈছে “কৱীৰ সিং”। ছবিখনৰ সংলাপ, কাহিনী তথা গীতকে ধৰি শ্বাহিদ কাপুৰৰ এই ছবিখন তেওঁৰ জীৱনৰ প্ৰথমখন চুপাৰ ডুপাৰ হিট ছবি। ছবি খনত অন্তৰ্ভূক্ত গীতসমূহে “কৱীৰ সিং”-এ মুক্তি লাভ কৰা পূৰ্বৰ পৰাই আকৰ্ষণ কৰি ৰাখিছিল দৰ্শকক।

ঋতৃষা কন্ঠৰে ৰাইজৰ মাজলৈ "পেহলা পেহলা প্যাৰ"- 2
https://www.instagram.com/p/B6yF-Bbgwvy/?utm_source=ig_web_copy_link


এইক্ষেত্ৰতে, ছবিখনত অন্তৰ্ভূক্ত “পেহলা পেহলা প্যাৰ” গীতটিত নতুনকৈ নিজ কন্ঠ নিগৰাইছে অসম জীয়ৰী ঋতৃষা শৰ্মাই। মুম্বাইস্থিত জনপ্ৰিয় গিটাৰিষ্ট চমু শীলৰ সৈতে লগ হৈ এই গীতটিত কন্ঠদান কৰে ঋতৃষাই।


কোনো অন্য বাদ্যযন্ত্ৰৰ ব্যৱহাৰ নকৰাকৈয়ে এই গীতটিত কন্ঠদান কৰাৰ চেষ্টা কৰিছিল কন্ঠশিল্পী গৰাকীয়ে। উল্লেখ্য যে, “কৱীৰ সিং” ৰ এই গীতটিত কন্ঠদান কৰিছিল মুম্বাইৰ জনপ্ৰিয় কন্ঠশিল্পী আৰমান মালিকে।

1 comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.