Rupaliparda.com
ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটাপ্ৰাপ্ত দ্বিতীয়খন ছবি "মাক আৰু মৰম"- 1

ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটাপ্ৰাপ্ত দ্বিতীয়খন ছবি “মাক আৰু মৰম”-

ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটা লাভ কৰা দ্বিতীয়খন অসমীয়া ছবি হোৱাৰ লগতে অসমীয়া ছবি জগতৰ জনপ্ৰিয় পৰিচালক নিপ বৰুৱাৰ দ্বাৰা পৰিচালিত দ্বিতীয় ছবিখন হৈছে “মাক আৰু মৰম”।

ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটাপ্ৰাপ্ত দ্বিতীয়খন ছবি "মাক আৰু মৰম"- 2


১৯৫৭ চনত মুক্তিপ্ৰাপ্ত উক্ত ছবিখনত এগৰাকী মাতৃ অবিহনে সন্তান অথবা শিশু কেনেদৰে দিশহাৰা হয় পৰে তাকেই প্ৰতিফলিত কৰা হৈছে। ব্ৰজেন বৰুৱাৰ প্ৰযোজনাৰে নিৰ্মিত এই ছবিখনে শ্ৰেষ্ঠ অসমীয়া ছবিৰ শিতানত ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটা “চাৰ্টিফিকেট অৱ মেৰিট” লাভ কৰিছিল।

ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটাপ্ৰাপ্ত দ্বিতীয়খন ছবি "মাক আৰু মৰম"- 3


৬ টা সংগীত সমৃদ্ধ “মাক আৰু মৰম” ছবিখনত অভিনয় কৰিছিল ব্ৰজেন বৰুৱা, দ্বিবন বৰুৱা, নিজৰা চৌধুৰী, নেইমুদ্দিন, ভোলা কাকতি, নীৰা, আমলেন্দু বাগচী আৰু মাষ্টাৰ অমৰজ্যাতিয়ে।

Add comment

Leave a Reply