Rupaliparda.com
অহা বৰ্ষৰ প্ৰথমটো মাহতে অসমীয়া ছবিৰ শুভমুক্তিঃ 1

অহা বৰ্ষৰ প্ৰথমটো মাহতে অসমীয়া ছবিৰ শুভমুক্তিঃ

কন্নড় ছবিৰ পৰিচালক চুড়িয়া চত্তিশ লগতে ত্ৰিদীপ লাহন পৰিচালনাৰে আৰু অমিত জৈনৰ প্ৰযোজনাৰে অহা বৰ্ষৰ ৩১ জানুৱাৰী তাৰিখে ছবিগৃহলৈ আহি আছে এখন নতুন অসমীয়া ছবি “বন্ধু”। “কোঁৱৰপুৰৰ কোঁৱৰ” ৰ পিছত আকৌ এবাৰ ডাঙৰ পৰ্দাত দেখিবলৈ পোৱা যাব অভিনেতা নয়ন নীলিমক।

অহা বৰ্ষৰ প্ৰথমটো মাহতে অসমীয়া ছবিৰ শুভমুক্তিঃ 2


নয়ন নীলিমৰ সৈতে ছবিখনত অভিনয় কৰিছে বিবেক বৰা,জ্যোতিস্মান শৰ্মাই, ইপ্সিতা,ৰাছনা(কন্নড় অভিনেত্ৰী), সিদ্ধাৰ্থ মূখাৰ্জী, পুনম, কস্তুৰী আৰু বনী দেউৰীয়ে। ছবিখনত সংলাপ ড° নয়নজ্যোতি তালুকদাৰৰ। । কলেজীয়া জীৱনৰ ওপৰত আধাৰিত এই ছবিখনৰ নামটোৱে আচলতে কাহিনীভাগৰ সুক্ষ্ম আভাষ দি গৈছে দৰ্শকক।


দীপক প্ৰডাকচনৰ বেনাৰত নিৰ্মিত এই ছবিখনৰ ইতিমধ্যে আৱহ সংগীতে মুক্তি লাভ কৰিছে লগতে আগন্তুক দীপাৱলীৰ শুভকামনা জনাই অভিনীত কলা-কুশলীয়ে ছবিখনৰ মুক্তিৰ তাৰিখ দৰ্শকক জানিবলৈ দিছে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.