Rupaliparda.com
পুনৰ একচনত "ৰজনীকান্ত"- লগত থাকিব সুনীল ছেট্টীওঃ 1

পুনৰ একচনত “ৰজনীকান্ত”- লগত থাকিব সুনীল ছেট্টীওঃ

ৰজনীকান্ত দক্ষিণৰ জনসাধাৰণৰ লগতে সমগ্ৰ ভাৰতবৰ্ষৰ জনসাধাৰণৰ বাবে এজন প্ৰিয় অভিনেতা। সমগ্ৰ পৃথিৱীতেই এই অভিনেতা গৰাকীৰ অনুৰাগীক দেখিবলৈ পোৱা যায়। সেইবাবেই হয়টো ৰজনীকান্তৰ আহিবলগীয়া ছবিৰ কোনো এখন পোষ্টাৰ মুক্তিৰ পিছতেই তেওঁৰ পোষ্টাৰ ভাইৰেল হৈ পৰে চচিয়েল মিডিয়াত।

পুনৰ একচনত "ৰজনীকান্ত"- লগত থাকিব সুনীল ছেট্টীওঃ 2


এনে সন্দৰ্ভতে, ৰজনীকান্তৰ আহিবলগীয়া ছবি “দৰবাৰ” ৰ পোষ্টাৰ মুকলি কৰি দিয়া হৈছে; য’ত অভিনেতাগৰাকীক এটা “একচন” ধৰ্মী ৰূপত দেখিবলৈ পোৱা গৈছে। এ.আৰ. মুৰুগাদাসৰ দ্বাৰা নিৰ্মিত উক্ত ছবিখনে মুক্তি লাভ কৰিব ২০২০ চনত।


ৰজনীকান্তৰ সৈতে “দৰবাৰ” ত অভিনয় কৰিব নয়নতাৰা, প্ৰতীক বব্বৰ, নৱাব শ্বাহ আৰু সুনীল ছেট্টীয়ে। পূৰ্বতে মুক্তিপ্ৰাপ্ত ছবি “২.০” ৰ প্ৰডাকচন কোম্পানী লায়কা প্ৰডাকচনৰ বেনাৰতে “দৰবাৰ” ছবিখনো নিৰ্মিত কৰা হৈছে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform