৭০ৰ অথবা ৮০ দশকৰ গীতবোৰ আপোনাৰ প্ৰিয় নে?? আপোনাৰ, মোৰ বুলিয়ে নহয়; সকলোৰে বাবে এই গীতবোৰ মনপৰশা। টিভি অথবা ৰেডিঅ’ত সেইটো দশকৰ গীতবোৰ শুনিলেই হঠাৎ ৰৈ যোৱা যায় আৰু সম্পূৰ্ণ শুনিহে তাৰ পৰা আঁতৰি অহা হয়।

তেনেই এক হৈছে “চলা যাতা হু কিছি কি ধুন মে” গীতটি। “মেৰে জীৱন সাথী” ছবিখনত উক্ত গীতটিক সন্নিৱিষ্ট কৰা হৈছিল আৰু ছবিখনত অভিনয় কৰিছিল ৰাজেশ খান্না আৰু তনুজাই।
কিন্তু আপোনালোকে জানেনে? উক্ত গীতটি যে,হিন্দী ভাষাত প্ৰথমে নিৰ্মাণ কৰা হোৱা নাছিল। গীতটি প্ৰথমতে নিৰ্মাণ কৰা হৈছিল বাংলা ভাষাত। “এ ঝুমৰী ৰে চলেছি একা” শীৰ্ষক গীতটিৰে হিন্দী সংস্কৰণ হৈছে “চলা যাতা হু কিছি কি ধুন মে” গীতটি। “পূজা” নামে এলবামটিত উক্ত গীতটিত বাংলা ভাষাত কন্ঠদান ও পৰিচালনা কৰিছিল কিশোৰ কুমাৰ আৰু ৰাহুল দেৱ বৰ্মন ওৰফে আৰ.ডি.বৰ্মনে।
বাংলা সংস্কৰণটোত গীতটিয়ে জনপ্ৰিয়তা লাভ কৰা পিছত ইয়াক হিন্দীলৈ ডাব কৰি অনা হয়; য’ত কন্ঠদান কৰে কিশোৰ কুমাৰে আৰু গীতটি পৰিচালনা কৰে আৰ.ডি.বৰ্মনে।

আপুনিও জানে নেকি কোনো পূৰণা গীত নিৰ্মাণৰ আঁৰৰ কাহিনী?? জানে যদি কমেন্ট কৰি আমাক জনাওঁক চোন।
Add comment