আজিৰে পৰা আৰম্ভ তৃতীয় সংখ্যক গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱ। অহা ৬ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এই মহোৎসৱখনিত উপস্থিত থাকিব চলচিত্ৰ জগতৰ কেইবাগৰাকীও নাম জ্বলা ব্যক্তি। উক্ত আন্তঃৰাষ্ট্ৰীয় মহোৎসৱখনৰ উদ্ধোধনী কৰিব মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে লগতে ইয়াত উপস্থিত থাকিব পোলেণ্ডৰ জনপ্ৰিয় পৰিচালক Krzysztof Zanussi তথা পৰিচালক মধুৰ ভাণ্ডাৰকে আদি কৰি কেইবাজনো বিশিষ্ট ব্যক্তি।

তৃতীয়সংখ্যক গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱৰ পৰিচালিকা মণিতা বৰগোঁহাইৰ লগত ৰূপালী পৰ্দাৰ হোৱা কথা-বতৰাত তেওঁ জনাই যে মহোৎসৱখনত প্ৰদৰ্শিত কৰিবলৈ মুঠ ৬৭ খন দেশৰ পৰা ১০০ তকৈও অধিক ছবিৰ বাচনি কৰা হৈছে। ইয়াৰ লগতে, কলাক্ষেত্ৰ তথা জ্যোতি চিত্ৰৱন প্ৰেক্ষাগৃহত প্ৰতিটো দিনত সৰ্বমুঠ ১৬ খনকৈ ছবি প্ৰদৰ্শিত কৰা হ’ব।

ৰূপালী পৰ্দাৰ ফালৰ পৰা হোৱা কথা-বতৰাত তেওঁ এই মহোৎসৱখনে অসমীয়া ছবিক এক গতি প্ৰদান কৰিব বুলিও মন্তব্য প্ৰদান কৰে।
Add comment