Rupaliparda.com
আলফাৰ কিছু ঘটনা-পৰিঘটনাৰে "সমীৰণ বৰুৱা আহি আছে": 1

আলফাৰ কিছু ঘটনা-পৰিঘটনাৰে “সমীৰণ বৰুৱা আহি আছে”:

সংযুক্ত মুক্তি বাহিনী (আলফা) ৰ ১৯৭৯ চনৰ পৰা বৰ্তমানলৈকে চলা কিছু ঘটনা পৰিপ্ৰেক্ষিতত নিৰ্মিত এখন অসমীয়া ছবি “সমীৰণ বৰুৱা আহি আছে”। ২০১২ চনত মুক্তিপ্ৰাপ্ত এই ছবিখন একে নামৰ এটা চুটিগল্পৰ ওপৰত আধাৰিত। প্ৰদ্যুৎ কুমাৰ ডেকাৰ দ্বাৰা পৰিচালিত এই ছবিখনৰ কাহিনী মনোজ কুমাৰ গোস্বামীৰ।

আলফাৰ কিছু ঘটনা-পৰিঘটনাৰে "সমীৰণ বৰুৱা আহি আছে": 2


ছবিখনৰ মূল চৰিত্ৰটি যোগেৰে সংযুক্ত মুক্তি বাহিনী (আলফা) ৰ মূখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ জীৱনৰ কিছু প্ৰতিফলিত কৰা হৈছে যদিও তাত দেখুওৱা তেওঁৰ ব্যক্তিগত জীৱনটো একেবাৰেই কাল্পনিক।

আলফাৰ কিছু ঘটনা-পৰিঘটনাৰে "সমীৰণ বৰুৱা আহি আছে": 3


ছবিখনৰ কাহিনীভাগ যিমানেই সুন্দৰ আছিল সিমানেই ৰাইজৰ সঁহাৰি আছিল ঋণাত্মক। সেইটো সময়ত ছবিখনে একেবাৰেই জনসাধাৰণৰ পৰা লাভ কৰা নাছিল সঁহাৰি। ছবিখনত অভিনয় কৰিছে তপন দাস,ব্ৰজেন বৰা,বাহাৰুল ইছলাম,সঞ্জীৱ হাজৰিকা, মৃণাল দাস,মধুস্মিতা বৰকটকী,নিবিৰ স্বপ্নম শিৱম,নিলাক্ষী দেৱী,কৃষ্ণ দাস,জ্যোতিনাৰায়ণ নাথ আৰু পাৰ্থপ্ৰতিম বৰাই।

Add comment

Leave a Reply

Most popular

Your Header Sidebar area is currently empty. Hurry up and add some widgets.