২০০৪ চনৰ ১৬ এপ্ৰিলত মুক্তি লাভ কৰিছিল তেতিয়াৰ সময়ৰ এখন অসমীয়া জনপ্ৰিয় ছবি “বাৰুদ”-। যতীন বৰা,ৰবি শৰ্মা, প্ৰস্তুতি পৰাশৰ, তপন দাস, বিজু ফুকনকে ধৰি কেইবাগৰাকীও শিল্পীৰ নিখুঁট অভিনয়ৰে ছবিখন অসমীয়া ছবি জগতৰ এখন হিট চিনেমা বুলি একাষাৰে ক’ব পৰা যায়। মুনীন বৰুৱাৰ পৰিচালনাৰে নিৰ্মিত উক্ত ছবিখনৰ চিকুৱেল নিৰ্মাণ প্ৰস্তুতি কৰা হৈছে।

১৫ বছৰ পিছত আকৌ এবাৰ “বাৰুদ” ছবিখন আহিব দৰ্শকৰ মাজলৈ। মুনীন বৰুৱাৰ পুত্ৰ ও পৰিচালক মানস বৰুৱাই নিৰ্মাণৰ যো-জা কৰিছে “বাৰুদ” ছবিখনৰ চিকুৱেল ছবিৰ অৰ্থাৎ “বাৰুদ ২” ৰ। পোষ্টাৰ মুকলিৰ লগে লগেই ছবিখনে লাভ কৰিছে দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি।

এই চিকুৱেল ছবিখনতো সমাগম ঘটিব অসমীয়া ছবি জগতৰ কেইবাগৰাকীও জনপ্ৰিয় শিল্পীৰ। চিত্ৰ-নাট্যৰ কামত বৰ্তমান ব্যস্ত ছবিখন।
1 comment