“সোণৰ খাৰু নালাগে মোক বিয়াৰ বাবে আই”, “চেনাই মই যাওঁ” লগতে “বন্ধু সময় পালে আমাৰ ফালে এবাৰ আহি যাবা” ইত্যাদি গীতক জীৱন দিয়া কন্ঠশিল্পী দীপালী বৰঠাকুৰৰ আজি প্ৰথমটো মৃত্যু বাৰ্ষিকী। শিৱসাগৰ জিলাত জন্মগ্ৰহণ কৰা দীপালী বৰঠাকুৰৰ কন্ঠৰ প্ৰত্যেকটো গীতেই চিৰসেউজ। কেৱল মাত্ৰ গীতেই নহয়; তেওঁৰ স্বামী নীলপৱন বৰুৱাৰ সৈতে থকা প্ৰেমেও আজি পৰ্যন্ত চৰ্চা লাভ কৰি আহিছে সাধাৰণ জনৰ মুখত।

প্ৰথম অৱস্থাত আকাশবাণী গুৱাহাটীত অস্থায়ী শিল্পীৰূপে কাৰ্য্যনিবাহ কৰা দীপালী বৰঠাকুৰে যেতিয়া স্থায়ী শিল্পী ৰূপে মৰ্যাদা লাভ কৰে তেতিয়া তেওঁ পৰিৱেশন কৰা প্ৰথম গীতটি হৈছে “বন্ধু সময় পালে আমাৰ ফালে এবাৰ আহি যাবা।”
দীপালী বৰঠাকুৰে লাভ কৰা বঁটা বা সন্মান সমূহ হৈছেঃ
১.পদ্মশ্ৰী সন্মান (১৯৯৮)
২. অসম চৰকাৰৰ শিল্পী বঁটা(২০১০)
৩. লিঅ’ এক্সপো শিল্পী সন্মান (২০০৭)
৪. আইদেউ সন্দিকৈ বঁটা (২০১২)

২০১৮ চনত আজিৰ তাৰিখতেই মটৰ নিউটণ ৰোগত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰা দীপালী বৰঠাকুৰৰ প্ৰথমটো মৃত্যু বাৰ্ষিকীত ৰূপালী পৰ্দাৰ ফালৰ পৰা জনাইছো শ্ৰদ্ধাঞ্জলী।
Add comment