Rupaliparda.com
অসম গৌৰৱ মুম্বাই প্ৰতিষ্ঠিত অনুৰাগ শইকীয়াৰ জন্মদিনঃ 1

অসম গৌৰৱ মুম্বাই প্ৰতিষ্ঠিত অনুৰাগ শইকীয়াৰ জন্মদিনঃ

মুম্বাই প্ৰতিষ্ঠিত অসম সন্তান অনুৰাগ শইকীয়াই আজি উদযাপন কৰিছে তেওঁৰ ৩১ সংখ্যক জন্মবাৰ্ষিকী। ডিব্ৰুগড় জিলাত জন্মগ্ৰহণ কৰা এই গৰাকী শিল্পী সংগীত পৰিচালক তথা এগৰাকী বাদ্যযন্ত্ৰী। ওৱান লাষ্ট কুইয়েশ্বন,যুগদ্ৰষ্টা, হল্ডিং বেক,দা জব,মাজ ৰাতি কেতেকী, হাই জেক, কাৰৱা, মোল্ক, আৰ্টিকেল ১৫, ডংগল আদি ছবিত সংগীত পৰিচালক হিচাপে কাম কৰা অনুৰাগ শইকীয়াই “যুগদ্ৰষ্টা” ছবিখনৰ বাবে লাভ কৰিছিল ৰজত কমল বঁটা।

অসম গৌৰৱ মুম্বাই প্ৰতিষ্ঠিত অনুৰাগ শইকীয়াৰ জন্মদিনঃ 2


কিছুদিন পূৰ্বে এই গৰাকী অসম সন্তানে ৫০০ বছৰ পূৰণি অসমৰ সম্পদ “বৰগীত” কো এক ব্যতিক্ৰমী ধৰণে প্ৰস্তুত কৰাৰ চেষ্টা কৰিছে। “প্ৰজেক্ট বৰগীত চেপটাৰ ১” শীৰ্ষক অনুৰাগৰ এই প্ৰকল্পটোৱে এতিয়া আকৰ্ষিত কৰি তুলিছে অসমীয়া জনসাধাৰণক।

অসম গৌৰৱ মুম্বাই প্ৰতিষ্ঠিত অনুৰাগ শইকীয়াৰ জন্মদিনঃ 3


ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমক এক বিশেষ স্থান দিবলৈ সক্ষম হোৱা এই গৰাকী কন্ঠশিল্পীক ৰূপালী পৰ্দাৰ ফালৰ পৰা জনাইছো জন্মদিনৰ অশেষ শুভকামনা।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.