অসমীয়া, হিন্দী আৰু ইংৰাজীকে ধৰি প্ৰায় ৮০ খনতকৈও অধিক চলচিত্ৰত অভিনীত অসমীয়া অভিনেতা ও নাট পৰিচালক বাহাৰুল ইছলাম। চিগাল থিয়েটাৰ গোটৰ প্ৰতিষ্ঠাপক এই গৰাকী অভিনেতাই প্ৰথম অভিনয় কৰিছিল গুৱাহাটীৰ জু-ৰোডস্থিত সাৰ্বজনীন দূৰ্গা পূজা মণ্ডপত ক্ষীৰোদ চৌধুৰীৰ দ্বাৰা পৰিচালিত “পানীমলাৰ বিয়া” নাটকত।

বাহাৰুল ইছলামে নাট পৰিচালনা তথা অভিনয়ৰ বাহিৰেও কেইবাখনো কিতাপো লিখি প্ৰকাশ কৰিছে। “পিতা-পুত্ৰ” কে ধৰি অসমীয়া জনপ্ৰিয় ছবি “প্ৰভাতী পখীৰ গান”, “বাৰুদ” আদি বিভিন্ন ছবিত অভিনয় যোগেৰে নিজ অভিনয়ৰ পাৰদৰ্শিতা দেখুৱাইছে অভিনেতা গৰাকীয়ে।

অভিনেতা বাহাৰুল ইছলামে বৰ্তমানলৈ বিভিন্নটা বঁটাও লাভ কৰিবলৈ সক্ষম হৈছে। সেইকেইটা হৈছে ক্ৰমে-

-বাদল চৰকাৰৰ ৰং ৰতন বঁটা, বিহাৰ চৰকাৰ, ২০১৫ (অসমীয়া থিয়েটাৰত নিজৰ অভিনৱ – মৌলিক কৰ্মৰে ভাৰতীয় থিয়েটাৰ জগতলৈ যোগোৱা অৱদানৰ বাবে)
– বিষ্ণু বসু স্মৃতি সন্মান, ব্ৰাট্যাজন থিয়েটাৰ ২০১২,কলকাতা
-নাট্যপ্ৰবৰ বঁটা ২০১১, শাৰদাকান্ত বৰদলৈ স্মৃতি কমিটি, নগাঁও
-মনোহৰ সিং স্মৃতি পুৰস্কাৰ ২০০৫, এন এচ ডি, সাংস্কৃতিক মন্ত্ৰালয়, ভাৰত চৰকাৰ
-সংস্কৃতি সন্মান, একা এবং কয়েকজন প্ৰকাশণ, গুৱাহাটী
Add comment