দীৰ্ঘদিনৰ পৰাই সংলাপেৰে তথা প্ৰচাৰৰ সময়ত অভিনেত্ৰী অমৃতাই কৰা একচনৰ যোগেৰে দৰ্শকক আকৰ্ষিত কৰিবলৈ চেষ্টা কৰা হৈছিল। এতিয়া আৰু দৰ্শকৰ অপেক্ষাৰ সমাপ্তি ঘটাই অহা কাইলৈ অৰ্থাৎ ৬ ডিচেম্বৰ তাৰিখে মুক্তি লাভ কৰিব অসমীয়া ছবি “প্ৰতিঘাত”।


অচিন্ত শংকৰৰ কাহিনী আৰু পৰিচালনাৰে নিৰ্মিত এই ছবিখনৰ প্ৰযোজনা ক্ৰমে নৰেন্দ্ৰ এন সিনহা আৰু নন্দিনী ৰয় গয়াৰীৰ। নৰ্মান ষ্টুডিঅ’ ৱকৰ্চ আৰু ইশ্বু প্ৰডাকচনৰ বেনাৰত নিৰ্মাণ হোৱা এই ছবিখনৰ চিত্ৰনাট্য তথা সংলাপ ৰাজদ্বীপৰ। নাৰী সৱলীকৰণৰ কাহিনীৰে নিৰ্মিত এই ছবিখন অহা কাইলৈ অসমৰ বিভিন্ন চিত্ৰ গৃহত মুক্তি লাভ কৰিব।
“প্ৰতিঘাত” ত অভিনয় কৰিছে অমৃতা গগৈ, দিগন্ত হাজৰিকা, বিষ্ণু খাৰঘৰীয়া, সিদ্ধাৰ্থ শৰ্মা, আইমী বৰুৱা দেৱজিত মজুমদাৰ, পদ্মৰাগ গোস্বামী, অচিন্ত শৰ্মা আৰু জলী লস্কৰে। ৬ ডিচেম্বৰত মুক্তি পাবলগীয়া উক্ত ছবিখনক লৈ এতিয়া উৎসাহী হৈ পৰিছে অসমীয়া দৰ্শক।
Add comment