কংগনা ৰাণাওঁট তথা তেওঁৰ ভগ্নী ৰংগোলী চন্দেলে প্ৰায় সময়তে বলীউডৰ পৰিচালক ও প্ৰযোজক কৰণ জহৰৰ বিৰুদ্ধে মন্তব্য কৰি আহিছে। এওঁলোকৰ মাজৰ সম্বন্ধবোৰ বৰ-বেছি যে ঠিক নহয় সেয়া কিছুমান চচিয়েল মিডিয়াত কৰা পোষ্টৰ জৰিয়তে জানিব পৰা গৈছে।

ৰংগোলী চন্দেলে কিছুদিনৰ পৰা মোগল সকলক উদ্দেশ্যি নিজৰ ৰায় চচিয়েল মিডিয়া যোগে জনসাধাৰণক প্ৰদান কৰি আহিছিল। তেনে পৰিপ্ৰেক্ষিততে, তেওঁ পুনৰ বাৰ কৰণ জহৰৰ আহিবলগীয়া ছবি “তখ্ত” ৰ বিষয়ে কিছু উপলুঙা সূচক মন্তব্য টুইটাৰ যোগে প্ৰদান কৰে। তলত অভিনেত্ৰী গৰাকীয়ে কৰাহ টুইট দুটা দি দিয়া হৈছেঃ
উল্লেখ্য যে, “তখ্ত” ছবিখন কৰণ জহৰৰ বাবে এক “ড্ৰীম প্ৰজেক্ট”। ছবিখনৰ বাবে ইতিমধ্যে কেইবাগৰাকীও গণ্য-মান্য তাৰকাক লোৱা হৈছে। ৰণৱীৰ সিং লগতে বিকি কৌশলে এই ছবিখনত মূখ্য চৰিত্ৰ ৰূপায়ন কৰিব। ইয়াৰ উপৰিও, অভিনয় কৰিব অনিল কাপুৰ, কৰীণা কাপুৰ, আলিয়া ভাট,জান্হৱী কাপুৰ আৰু ভূমি পাডনেকাৰে।
Add comment