Rupaliparda.com
বলীউড অভিনেতা সঞ্জীৱ কুমাৰৰ জীৱনৰ ওপৰত লিখা হ'ব কিতাপঃ 1

বলীউড অভিনেতা সঞ্জীৱ কুমাৰৰ জীৱনৰ ওপৰত লিখা হ’ব কিতাপঃ

বলীউডৰ জনপ্ৰিয় অভিনেতা সঞ্জীৱ কুমাৰৰ জীৱনৰ ওপৰত কেন্দ্ৰ কৰি লিখা হ’ব কিতাপ। হৰিভাই জৰীৱালাৰ নামেৰে জনাজাত এই গৰাকী অভিনেতাৰ ৩৪ সংখ্যক মৃত্যুতিথিত এই কথা ঘোষণা কৰা হয়। কিতাপখন লিখিব ৰীতা গুপ্তাই লগতে তেওঁৰ সহযোগী লিখক হিচাপে থাকিব অভিনেতাগৰাকীৰেই ভতিজা উদয় জৰীৱালা।

বলীউড অভিনেতা সঞ্জীৱ কুমাৰৰ জীৱনৰ ওপৰত লিখা হ'ব কিতাপঃ 2


ভতিজাক উদয়ৰ মতে, “সঞ্জীৱ কুমাৰৰ বিষয়ে সকলোৱে জানিব লাগে। তেওঁৰ “আম আদমী” সদৃশ কিছু কথা বৰ্তমানেও প্ৰযোজ্য হৈ আছে। কিতাপখন সম্পূৰ্ণ হোৱাত আমাৰ পৰিয়ালৰ সদস্যয়েও যথেষ্ট সহযোগিতা আগবঢ়াব।”

বলীউড অভিনেতা সঞ্জীৱ কুমাৰৰ জীৱনৰ ওপৰত লিখা হ'ব কিতাপঃ 3


আগন্তুক ২০২০ চনত সঞ্জীৱ কুমাৰৰ ৩৫ সংখ্যক মৃত্যু তিথিত তেওঁৰ “জীৱনী” খন মুকলি কৰি দিয়া হ’ব।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.