বহু বছৰৰ পৰিশ্ৰম তথা কষ্টৰ অন্তত অসম সন্তান অংগৰাগ পাপন মহন্তই মুকলি কৰিলে তেওঁৰ কন্ঠত “বৰগীত-ঘোষা” নামে প্ৰথমটো শ্ৰব্য সংকলন। যোৱা ৭ নৱেম্বৰ তাৰিখে কলাক্ষেত্ৰস্থিত খগেন মহন্ত উদ্যানত এই শ্ৰব্য কেছেটটো মুকলি কৰা হয়। সত্ৰীয়া নৃত্যত পাৰ্গত তথা অসমীয়া বৰগীতৰ লগতেও ওতঃপ্ৰোত ভাৱে জড়িত যতীন গোস্বামীকে ধৰি জনপ্ৰিয় অভিনেতা যতীন বৰুৱাও উপস্থিত থাকে এই অনুষ্ঠানখনত।

কেছেটখনত বহু বছৰ ধৰি লগা সাধনা, কষ্ট আদিৰ বিষয়ে কোৱাৰ লগতে পাপনে কিয় এই বৰগীতৰ সংকলনটো সৃষ্টি কৰিলে সেই বিষয়েও দৰ্শকক জানিবলৈ দিয়ে।

৫০০-৬০০ বছৰ পূৰণি বৰগীতক চিনাকী কৰোৱাৰ লগতে নৱ প্ৰজন্মক বৰগীতৰ বিষয়ে কিছু সম্যক জ্ঞান দিয়াৰ বাবেই এই প্ৰচেষ্টা কৰে বুলিও মন্তব্য কৰে কন্ঠশিল্পী গৰাকীয়ে।
Add comment