অসমীয়া ছবিৰ মুক্তিৰ খবৰে বৰ্তমান দৰ্শকৰ মনত উৎসাহ সৃষ্টি কৰে। কাহিনী, সংলাপ তথা অভিনয়েৰে দৰ্শকৰ হৃদয় জিনিবলৈ সক্ষম হৈ পৰিছে এতিয়া প্ৰত্যেকখন অসমীয়া ছবিয়ে। এনে পৰিপ্ৰেক্ষিততে, আজি অৰ্থাৎ ৮ নৱেম্বৰ তাৰিখে মুক্তি লাভ কৰিব এখন অসমীয়া সামাজিক ছবি “অস্তিত্ব” ই।

গুৱাহাটৰ কোন কোন ছবিগৃহত ছবিখন প্ৰদৰ্শিত কৰা হ’ব তাৰ এখন তালিকা তলত দি দিয়া হৈছেঃ

মিৰ্জা আৰিফ হাজৰিকাৰ পৰিচালনা নিৰ্মিত এই ছবিখনত বিভূতি ভূষণ হাজৰিকাই মূখ্য চৰিত্ৰ “লাচিত হাজৰিকা” ৰ চৰিত্ৰ ৰূপায়ন কৰিছে। লগতে, দিনেশ দাসক পুনৰ বাৰ এগৰাকী “ভিলেইন” ৰ চৰিত্ৰত দেখিবলৈ পোৱা যাব। এজন অসমীয়াৰ ভিতৰৰ আৰ্তনাদ, ভিতৰৰ যিখিনি কোলাহল অথবা ভিতৰৰ যিখিনি তেওঁৰ নিজৰ মাজতেই হৈ থকা দ্বন্দ; সেয়াই হৈছে “অস্তিত্ব”।

কিন্তু, এতিয়া প্ৰশ্ন হয় সঁচাকৈ ঘূৰি আহিছেনে অসমীয়া ছবিৰ ভাল দিন?? “কাঞ্চনজংঘা”, “ৰত্নাকৰ” ৰ দৰেই “অস্তিত্ব” ই কৰিবনে ভাল বস্ক অফিচ কালেকচন??
Add comment