ৰং চেনেলত নতুনকৈ সংযোজন এখন নতুন কমেডী ধাৰাবাহিক। চলিত মাহৰ ১৮ তাৰিখৰ পৰা সোমবাৰৰ পৰা শনিবাৰলৈ সম্প্ৰচাৰিত কৰা ধাৰাবাহিক “বকুল তলৰ আদালত”।

উদয় শংকৰ ভাস্কৰ আৰু হিমাংশু প্ৰসাদ দাসৰ পৰিচালনাৰে নিৰ্মিত এই ৰসিক আৰু হাস্যমধুৰ ধাৰাবাহিকখনৰ মূখ্য চৰিত্ৰত অভিনয় কৰিছে গায়িকা ও অভিনেত্ৰী দীপলিনা ডেকাই। ধাৰাবাহিকখনত তেওঁ “বিজুলী” চৰিত্ৰটি ৰূপায়ন কৰিব। ইনষ্টাগ্ৰামযোগে শিল্পী গৰাকীয়ে ইতিমধ্যে তেওঁৰ ধাৰাবাহিকখনত দৰ্শকে তেওঁক কি লুকত দেখিবলৈ পাব তাক দেখুৱাই দিছে।
“বকুল তলৰ আদালত” ধাৰাবাহিকখনৰ কাহিনী, চিত্ৰনাট্য আৰু সংলাপ হৈছে হিমাংশু প্ৰসাদ দাসৰ আৰু প্ৰাঞ্জলী শৰ্মাৰ।
Add comment