Rupaliparda.com
"সূৰ্য়বংশী" ৰ শ্বুটিঙৰ মাজতে দুখ পায় অভিনেতা অক্ষয় কুমাৰেঃ 1

“সূৰ্য়বংশী” ৰ শ্বুটিঙৰ মাজতে দুখ পায় অভিনেতা অক্ষয় কুমাৰেঃ

বলীউডৰ জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰ বৰ্তমান ব্যস্ত তেওঁৰ আহিবলগীয়া ছবি “সূৰ্য়বংশী” ৰ শ্বুটিঙৰ সৈতে। ৰোহিত চেট্টীৰ দ্বাৰা নিৰ্মিত এই ছবিখনত অক্ষয় কুমাৰে নিজৰ বাওঁহাতত দুখ পায়। দুখ পোৱাৰ পিছতো কিন্তু অভিনেতা গৰাকীয়ে ছবিখনৰ শ্বুটিং পূৰ্ণ গতিত কৰি থাকে।

"সূৰ্য়বংশী" ৰ শ্বুটিঙৰ মাজতে দুখ পায় অভিনেতা অক্ষয় কুমাৰেঃ 2


অক্ষয় কুমাৰৰ দুখ পোৱা কথাটো কোনোৱে পুষ্টি কৰি নাই যদিও “সূৰ্য়বংশী” শ্বুটিঙৰ সৈতে জড়িত কোনো ব্যক্তিৰ পৰা এই কথা জানিব পৰা যায়। এনেক্ষেত্ৰতে আকৌ, অক্ষয় কুমাৰে নিজ ইনষ্টাগ্ৰাম একাউন্ট যোগে এক ভিডিঅ’ আপলোড কৰে য’ত অভিনেতা গৰাকীক দুখ পোৱা ঠাইখিনি দৰ্শকে দেখিবলৈ পায়।

https://www.instagram.com/p/B4j3pV6Hze-/?utm_source=ig_web_copy_link


“সূয়বংশী” য়ে ইতিমধ্যে নিজৰ শ্বুটিং বেংকক, মুম্বাই আৰু হায়দৰাবাদত কৰিছে। একচনৰ দ্বাৰা ভৰপূৰ এই ছবিখনৰ ক্লাইমেক্সত দেখিবলৈ পোৱা যাব অজয় দেৱগন আৰু ৰণৱীৰ সিঙকো।

Source: https://navbharattimes.indiatimes.com/movie-masti/news-from-bollywood/akshay-kumar-injured-on-film-sooryavanshi-set/articleshow/71980991.cms

Add comment

Leave a Reply

Most popular