Rupaliparda.com
"মই আগতে আইনাৰ সমুখলৈ গৈ নিজেই নিজৰ লগত সংলাপ কৈছিলো"- ময়ূৰী গৌতম কলিতা 1

“মই আগতে আইনাৰ সমুখলৈ গৈ নিজেই নিজৰ লগত সংলাপ কৈছিলো”- ময়ূৰী গৌতম কলিতা

অসমীয়া সংস্কৃতিৰ প্ৰতি তীব্ৰ শ্ৰদ্ধাশীল এগৰাকী অসমীয়া অভিনেত্ৰী। বৰ্তমান এখন ধাৰাবাহিকত তেওঁ এটি মূখ্য চৰিত্ৰ ৰূপায়ন কৰি আছে। “পাৰিজাত” নামটিৰে সকলো দৰ্শকৰে হৃদয় জিনিবলৈ সক্ষম বৰ্তমান এই অভিনেত্ৰী গৰাকী। আপোনালোকে নিশ্চয় হয়টো ধৰিব পাৰিছে অভিনেত্ৰী গৰাকী কোন?? হয়, তেওঁ হৈছে ৰং চেনেলত প্ৰচাৰিত জনপ্ৰিয় “তোমাৰ মৰমে মোক” ধাৰাবাহিকখনত অভিনীত ময়ূৰী গৌতম কলিতা।


অভিনয়ৰ লগতে নিজৰ শিক্ষাগত জীৱনকো আগবঢ়াই লৈ যোৱা এই গৰাকী নৱাগতা অভিনেত্ৰী ময়ূৰীৰ সৈতে ৰূপালী পৰ্দাৰ ফালৰ পৰা মই ৰীমা দত্তই লৈছিলো এক টেলিফোনিক সাক্ষাৎকাৰ। চাওঁচোন আহকঃ

প্ৰশ্নঃ আপুনি অভিনয় ক্ষেত্ৰখনৰ সৈতে কেতিয়াৰ পৰা জড়িত??

ময়ূৰীঃ মোৰ ঘৰখনৰ প্ৰত্যেকজন সদস্যই আছলতে আমাৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ সৈতে জড়িত। মোৰ বৰদেউতা প্ৰয়াত হৰিশ্চন্দ্ৰ কলিতা; তেওঁ এগৰাকী মঞ্চ অভিনেতা, নাটক কৰিছিলে। মোৰ বা প্ৰিয়ংকা কলিতা; তেওঁ এগৰাকী গায়িকা লগতে মোৰ মাইও গান গায়।
মোৰ বৰদেউতাৰ মৃত্যু এনেকৈ ঘটে যে তেওঁ মঞ্চত নিজৰ শেষ সংলাপটি কৈয়ে মৃত্যু বৰণ কৰিছিল। গতিকে বৰদেউতাৰ এই কথাবোৰে মোক সাংঘাতিক প্ৰেৰণা যোগায় লগতে তেওঁ মোক অভিনয় ক্ষেত্ৰখনৰ বিষয়েও যথেষ্ট কথা শিকাইছিল। ইয়াৰ উপৰিও, মোৰ বাইদেউয়ে মোক বহুতখিনি বস্তু শিকায়। গতিকে, ক’বলৈ গ’লে মই সৰুৰে পৰাই অভিনয় ক্ষেত্ৰখনৰ সৈতে জড়িত।

প্ৰশ্নঃ “পাৰিজাত” ৰ চৰিত্ৰটো একেবাৰেই সহজ সৰল; ৰিয়েল লাইফতো আপুনি এনেকুৱাই নে??

ময়ূৰীঃ ঘৰত দেউতা, মা, বা আৰু মই; একেবাৰেই এটা সৰু পৰিয়াল। এইকেইজন লোকে মোক সমৰ্থন কৰে; মোৰ দেউতাই সদায় এই ক্ষেত্ৰখনৰ দ্বাৰা মই সফল হ’ম বুলি বুজায়। গতিকে, মোৰ পৰিয়ালটো মোৰ বাবে সাহস। কিমান দূৰ সফল হ’ম নাজানো কিন্তু বৰ্তমান আগবাঢ়ি যাবলৈ চেষ্টা কৰিছো। আৰু, ৰাইজে ইতিমধ্যে মোৰ চৰিত্ৰটোৱেই হওঁক বা আমাৰ ধাৰাবাহিকখনেই হওঁক; ইমানকৈ আদৰি লৈছে তাৰ বাবে সঁচাকৈ ধন্যবাদ।
এতিয়া থাকিল “পাৰিজাত” ৰ চৰিত্ৰটো! আছলতে পাৰিজাত চৰিত্ৰটো একেবাৰেই সহজ-সৰল বুলি ক’ব নোৱাৰি; তাই এগৰাকী গাঁৱৰ শিক্ষিত ছোৱালী; যিয়ে অন্যায় দেখিব নোৱাৰে আৰু অন্যায়ৰ বিৰুদ্ধে মাত মাতে। চিৰিয়েল খনৰ কোনোবা এটা খণ্ডত আছেই যে, গাওঁত থকা স্কুল এখন ভাঙি এটা ইণ্ডাষ্ট্ৰি বহুৱাৰ পৰিকল্পনা কৰা হয় আৰু ইয়াত পাৰিজাতে বিৰোধিতা কৰে।

আৰু, মোৰ ব্যক্তিগত জীৱনতো মই এনেকুৱাই। সহজ-সৰল বুলি একাষাৰে নক’লেও এইটো ঠিক যে মইয়ো অন্যায়ৰ বিৰুদ্ধে মাত দিওঁ বা কাৰোবাক সহায়ৰ প্ৰয়োজন হ’লে সহায় কৰি ভাল পাওঁ। আছলতে, সৰলতাটো প্ৰত্যেকজনী নাৰীৰ মূল চাবি কাঠি। গতিকে প্ৰতিবাদীতা লগতে সৰলতা মোৰ তেজত আছে।
এটা সঁচা কথা ক’বলৈ গ’লে “পাৰিজাত” ৰ চৰিত্ৰটো কৰি মই ভালপাওঁ কাৰণ চৰিত্ৰটোৰ মাজত মই নিজক বিচাৰি পাওঁ।

প্ৰশ্নঃ স্কুল বা কলেজত আপোনাৰ কিবা জুকোৱা নাম আছিল নে?

ময়ূৰীঃ হা হা হা!! মই স্কুলত থাকোতে বৰ খীন আছিলো; সেইবাবে মোক মোৰ লগৰবোৰে “নিগনি” বুলি মাতিছিল। লগতে, মই যিখিনি ঠাইত থাকো সেইখিনি ঠাইৰ নাম নলবাৰীৰ “কৃষ্ণনগৰ”; এই কাৰণে স্কুলৰ ছাৰ-বাইদেউহঁতে মোক “কৃষ্ণনগৰৰ ৰাধা” বুলি মাতিছিল আৰু লগৰ কিজনীয়ে কেতিয়াবা “মিঠু” বুলিও মাতিছিল।

প্ৰশ্নঃ বলীউডত যদি অভিনয় কৰাৰ সুবিধা লাভ কৰে তেতিয়াহ’লে কাৰ লগত অভিনয় কৰাৰ ইচ্ছা??

ময়ূৰীঃ বৰ্তমান মই আমাৰ সংস্কৃতিটোৰ ওপৰত কাম কৰিব বিচাৰিছো। অসমত থাকি আমাৰ মাতৃভাষাটোক লৈ কাম কৰাৰ মোৰ ইচ্ছা। গতিকে, বলীউডলৈ যোৱাৰ সপোন মই এতিয়ালৈ নাই দেখা।
আৰু, বলীউডলৈ যোৱা বুলি ক’লে সেয়া হ’ব এটা “নেক্স লেভেল”। কেতিয়াবালৈ যদিহে এই সুবিধাটো পাওঁ; চাৰিওফালে যদি মিলে তেতিয়াহ’লে নিশ্চয়কৈ মই সুবিধাটো ল’ব বিচাৰিম আৰু বলীউডত মই মোৰ বিপৰীতে অভিনেতা হিচাপে বিচাৰিম ৰণৱীৰ সিঙক। কাৰণ, তেওঁ ইমান বেছি নিষ্ঠাৱান তেওঁৰ অভিনয়ৰ প্ৰতি যে মোৰ বিৰাট ভাল লাগে। পজিটিভ-নিগেটিভ যিয়েই হওঁক; তেওঁ ইমান বেছি ধুনীয়াকৈ চৰিত্ৰটোৰ মাজত সোমাই যায় যে ক’বলৈ ভাষা নাই।

প্ৰশ্নঃ ধাৰাবাহিকখনৰ বাদেও অইন কিবা প্ৰজেক্টৰ সৈতেও জড়িত নেকি??

ময়ূৰীঃ ধাৰাবাহিকখনৰ বাহিৰেও মই আছলতে শিক্ষা জগতখনৰ সৈতে জড়িত হ’বলগীয়া হৈ আছে। কাৰণ মই গ্ৰেজুৱেচন কৰি আছো আৰু মোৰ কলেজখন নলবাৰীতেই; “নলবাৰী কলেজ”। গতিকে, মই যেতিয়াই শ্বুটিঙৰ পৰা আজৰি পাওঁ তেতিয়াই মই ঘৰলৈ গৈ কলেজলৈ যাওঁ, ক্লাছবোৰ কৰিবলৈ চেষ্টা কৰো; পৰীক্ষাবোৰ দিওঁ কাৰণ মোৰ “ইংৰাজী” ত মেজৰ গতিকে মই অভিনয়ৰ বাহিৰেও শিক্ষা জগতখনৰ সৈতে জড়িত আছো।
বহুতো মিউজিক ভিডিঅ’ ৰ অফাৰ আৰু এখন ধাৰাবাহিকৰো কথা চলি আছে কিন্তু মই বৰ্তমানলৈ কোনো অইন প্ৰজেক্টত হাত দিয়া নাই কাৰণ “তোমাৰ মৰমে মোক” প্ৰচাৰিত হৈ আছে; যিখন মোৰ জীৱনৰ কেন্দ্ৰ বিন্দু। লগতে, মা-দেউতাৰ মোৰ শিক্ষাটো এটা সপোন গতিকে সেইটোও পূৰা কৰিব আছে।
ইয়াৰ উপৰিও,মই ৰূপালীপৰ্দাৰ জৰিয়তে “তোমাৰ মৰমে মোক” ধাৰাবাহিকখনৰ পৰিচালক অমিতাভ বৰাৰ লগতে মোৰ প্ৰত্যেকজন সহঃঅভিনেতা/অভিনেত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছো কাৰণ এই ধাৰাবাহিকখনে মোৰ এটা সপোন সম্পূৰ্ণ কৰিছে।
সৰুৰ পৰাই নাটকত অভিনয় কৰিছো; ঘৰত অকলে আইনাৰ আগত অভিনয় কৰিছো, নিজৰ লগতে সংলাপ কৈছো তথা সংলাপৰ অনুশীলন কৰিছো। মূখ্য চৰিত্ৰত অভিনয় কৰা মোৰ এটা সপোন আছিল আৰু এই সপোন সঁচাকৈ সফল হৈছে ৰাইজৰ আৰ্শীবাদত।

………… ধন্যবাদ ময়ূৰী। এইকণ সময় আমাক দিয়াৰ বাবে, আশা কৰো তোমাৰ সকলো সপোনে সফল হওঁক।

ময়ূৰীঃ ধন্যবাদ।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform