“স্বৰ কোকিলা” খ্যাত ভাৰত ৰত্ন প্ৰাপ্ত কন্ঠশিল্পী লতা মংগেশকাৰ যোৱা দুদিন ধৰি মুম্বাইস্থিত ব্ৰীচ কেণ্ডী হস্পিতালত ভৰ্তি হৈ আছিল। শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ বাবে কন্ঠশিল্পী গৰাকীক যোৱা সোমবাৰৰ দিনাই আই.চি.উত ভৰ্তি কৰা হৈছিল।

কিন্তু বৰ্তমান লতা মংগেশকাৰৰ স্বাস্থ্য কিছু উন্নত হোৱা বুলি জানিবলৈ দিয়ে তেওঁৰ পৰিয়ালৰ সদস্যই। তেওঁলোকে ৰাইজক ধন্যবাদ জনাই কয় যে, “লতা দিদিৰ আৰোগ্য কামনা সকলক ধন্যবাদ জনাইছো আৰু আপোনালোকক জনাওঁ যে; তেওঁৰ স্বাস্থ্য কিছু পৰিমাণে ভাল আৰু স্থিৰ হৈছে।”

জনপ্ৰিয় কন্ঠশিল্পী গৰাকীৰ স্বাস্থ্যৰ অৱনতি হোৱাৰ পূৰ্বে তেওঁ নিজ অনুৰাগী সমূহৰ সৈতে টুইটাৰত ব্যস্ত হৈয়ে আছিল।
Add comment