পঞ্জাৱ তথা চণ্ডীগঢ়ত শ্বুটিং সম্পূৰ্ণ কৰি “দোস্তানা২” ৰ সমগ্ৰ কলা-কুশলী দিল্লীত শ্বুটিঙৰ বাবে ঘূৰি আহিছিল। কিন্তু দিল্লীত হোৱা প্ৰদূষণৰ ফলত বৰ্তমান ছবিখনৰ শ্বুটিং ৰখাই দিয়া হৈছে।

উল্লেখ্য যে, Collin D’Cunha ৰ পৰিচালনাত নিৰ্মিত এই ছবিখনত অভিনয় কৰিছে কাৰ্তিক আৰিয়ন, জান্হৱী কাপুৰ আৰু লক্ষ্যই। দুটা স্থানত ইতিমধ্যে শ্বুটিং শেষ কৰি দিল্লীলৈ উভতিছিল তিনিও অভিনেতা-অভিনেত্ৰী। কিন্তু দিল্লীৰ প্ৰদূষণত কোনো তাৰকাৰ স্বাস্থ্যৰ অৱনতি ঘটিব বুলি ছবিখনৰ শ্বুটিঙ কিছু দিনৰ বাবে ৰখাই দিয়া হয়।
Add comment