চিনেমা নিৰ্মাণৰ কোনো আনুষ্ঠানিক শিক্ষা নথকা ৰীমা দাসৰ দ্বাৰা পৰিচালিত ভিলেজ ৰকষ্টাৰ হৈছে তেওঁৰ দ্বিতীয়খন পূৰ্ণদৈৰ্ঘ্যৰ ছবি। ছবিখন চিনেমাগৃহত মুক্তি লাভ কৰিছিল বিগত বৰ্ষৰ ২ চেপ্তেম্বৰত।
কামৰূপ জিলাৰ ছয়গাঁৱৰ এখন গাঁৱৰ বাসিন্দা ধুনু আৰু তাইৰ সপোনৰ আধাৰত নিৰ্মাণ কৰা হৈছিল উক্ত চিনেমাখন।
ভিলেজ ৰকষ্টাৰে দৰ্শকক মোহিত কৰা প্ৰধান আৰু বিশেষ কাৰণটো আছিল তাত থকা জীৱনৰ এটুকুৰা স্বাভাৱিক ছবিৰ পৰিদৰ্শন। ফাইবাৰৰ টুকুৰা তথা টিনৰ গাখীৰৰ টেমাৰে ঢোল আৰু গীটাৰ বজোৱা শৈশৱে কেনেদৰে এটা “বেণ্ড” ৰ সপোন দেখিব পাৰে তাকেই প্ৰতিফলিত কৰা হৈছিল এই ছবিখনত। বৰষুণৰ মাদকতাৰ লগতে ইয়াৰ ভয়াৱহতা, কচুপাতেৰে ছাতি, চকুৰে দৈৰ্ঘ্য জোখা পথাৰ, বৰষুণৰ পানীত কাগজেৰে নাওঁ বনাই পিৰালিত বহি চোৱা আদি জীয়া ছবিৰে খেলি গৈছে চিনেমাখনত। অভিনয় কৰিও অভিনয় যেন নলগা উপস্থাপনে দৰ্শকক চিনেমাখন চাবলৈ বেছি উৎসাহিত কৰা বুলি মোৰ অনুভৱ হয়। বানপানীৰ কৃত্ৰিমতাৰ পিছতো গাওঁখনৰ প্ৰতি গাওঁবাসীৰ অগাধ ভালপোৱা। পৰিচালিকাৰ নিপুন স্পৰ্শত সামান্যও অসামান্য হৈ ধৰা দিছে। গছৰ ডালত বহি দাৰিদ্ৰতাৰ মাজেৰে পোখা মেলা সপোনবোৰ সুঁৱৰাই আকাশ চুবলৈ বিচৰা ল’ৰা-ছোৱালী কেইটাৰ যি সুন্দৰ অভিনয়,সেয়া নিশ্চয়কৈ হৃদয়স্পৰ্শী। সীমিত সংলাপৰ লগতে কোনো নৃত্য-গীতৰ চমক নথকা “ভিলেজ ৰকষ্টাৰে” সাধাৰণ ৰাইজৰ শলাগৰ যোগ্য।
“ধুনু” চৰিত্ৰটোৱে শৈশৱৰ নিস্বাৰ্থতা দেখুৱাই ল’ৰাৰ লগত কৰা খেল-ধেমালি ; তাৰ পিছত তাইৰ “তুলনী বিয়া”। “তুলনী বিয়া” প্ৰথাটোৱে এজনী ছোৱালীৰ জীৱনত কেনেধৰণৰ সাল-সলনি ঘটাব পাৰে তাক দেখুওৱা হৈছে চলচিত্ৰখনত। ল’ৰাৰ লগত বেছি খেল-ধেমালি কৰাৰ বাবদ পৰা ওচৰ -চুবুৰীয়াৰ নজৰ আৰু তাৰ পিছত “কি ছোৱালী জন্ম দিছ্” সদৃশ টুলুঙা মন্তব্য । তৎস্বত্বেও নিজ পৰিয়ালৰ “ধুনু” অথবা নিজ ছোৱালীজনীৰ ওপৰত যি বিশ্বাসৰ উপস্থাপন কৰা হৈছে সি লেখত ল’বলগীয়া।
শেষত, লোকচানৰ সন্মুখীন হোৱা,লেহেমীয়া, দৰ্শকবিহীন অসমীয়া চিনেমা উদ্যোগটোলৈ সেইটো সময়ত নতুন প্ৰাণ আৰু আশাৰ ৰেঙণি কঢ়িয়াই আনিছিল “ভিলেজ ৰকষ্টাৰে”।
Add comment