Rupaliparda.com
২০২০ চনত গুৱাহাটীলৈ আহিব বলীউড তাৰকাঃ ৰঙীণ হ'ব গুৱাহাটী মহানগৰী- 1

২০২০ চনত গুৱাহাটীলৈ আহিব বলীউড তাৰকাঃ ৰঙীণ হ’ব গুৱাহাটী মহানগৰী-

অহা বছৰ অৰ্থাৎ অহা ২০২০ চনত গুৱাহাটীত উপস্থিত হ’ব বলীউডৰ তাৰকা। ছলমান, শ্বাহৰুখ, আলিয়া, দীপিকাকে ধৰি কেইবাগৰাকীও জনপ্ৰিয় তাৰকাই খদমদমনি লগাব গুৱাহাটী মহানগৰীত।

২০২০ চনত গুৱাহাটীলৈ আহিব বলীউড তাৰকাঃ ৰঙীণ হ'ব গুৱাহাটী মহানগৰী- 2


আছলতে, ছবি জগতৰ বৃহত্তম এৱাৰ্ড ফাঞ্চন ৬৫ সংখ্যক “ফিল্মফেয়াৰ এৱাৰ্ড” অনুষ্ঠিত কৰা হ’ব গুৱাহাটীত। পূৰ্বতে ইয়াৰ ঘোষণা কৰা হৈছিল যদিও নিশ্চিত কৰা হোৱা নাছিল। পৰ্যটন ক্ষেত্ৰৰ প্ৰসাৰ আৰু প্ৰচাৰৰ উদ্দেশ্যেৰে তথা অসমৰ পৰ্যটনক উন্নত কৰাৰ লগতে মানচিত্ৰত এক বিশেষ স্থান দিয়াৰ উদ্দেশ্যেৰে এই পদক্ষেপ লোৱা হৈছে বুলি ইতিমধ্যে জানিবলৈ দিছিল মূখ্যমন্ত্ৰী সোণোৱালে।

২০২০ চনত গুৱাহাটীলৈ আহিব বলীউড তাৰকাঃ ৰঙীণ হ'ব গুৱাহাটী মহানগৰী- 3

অহা ২০২০ চনৰ ফেব্ৰুৱাৰী মাহত “ফিল্মফেয়াৰ” অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে। গতিকে আগন্তুক সময়তহে জানিব পৰা যাব কেতিয়াকৈ ৰঙীণ হৈ পৰিব গুৱাহাটী মহানগৰী।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.