“নুপূৰ” ধাৰাবাহিকখনৰ সফল সমাপ্তিৰ পিছত এইবাৰ সুব্ৰতৰ অভিনয়েৰে আহি আছে আন এখন ধাৰাবাহিক “নিয়ৰৰ ফুল”। ইতিমধ্যে ধাৰাবাহিকখনৰ পোষ্টাৰৰ লগতে ট্ৰেইলাৰ মুকলি কৰি দিয়া হৈছে। ৰেঙণি চেনেলযোগে ধাৰাবাহিকখন প্ৰচাৰ কৰা হ’ব যদিও বৰ্তমানলৈ ইয়াৰ সঠিক সময় দৰ্শকক জানিবলৈ দিয়া নাই।

সুব্ৰতৰ লগতে ধাৰাবাহিকখনত অভিনয় কৰিছে প্ৰিয়ম পল্লৱী আৰু শশাংক সমীৰে। ধাৰাবাহিক খনত বিজনেছ মেন লুক এৰি মূৰত তিলক লগাই খোলা চাৰ্টৰ বুটামৰ সৈতে এটা নিউ লুকত দেখিবলৈ পোৱা যাব অভিনেতা সুব্ৰতক। প্ৰেম-বিশ্বাসঘাতকতা আদি কাহিনীৰ ভেঁটিত নিৰ্মাণ কৰা হৈছে ধাৰাবাহিক “নিয়ৰৰ ফুল”।
ধাৰাবাহিকখনৰ পৰিচালনা কৰিছে পংকজ গগৈয়ে।
Add comment