Rupaliparda.com
মুনমী ফুকনৰ সৈতে ৰাকেশ ৰিয়ানৰ ৰোমাঞ্চঃ "চিকমিক বিজুলী" ৰ শুভ মুক্তি- 1

মুনমী ফুকনৰ সৈতে ৰাকেশ ৰিয়ানৰ ৰোমাঞ্চঃ “চিকমিক বিজুলী” ৰ শুভ মুক্তি-

ক্ৰমাৎ জনপ্ৰিয় হৈ উঠা কেইগৰাকীমান কন্ঠশিল্পীৰ ভিতৰত ৰাকেশ ৰিয়ানৰ নাম উল্লেখযোগ্য। তেওঁৰ কন্ঠৰ বহুকেইটা গীতে লাভ কৰিছে দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি। কিছুদিন পূৰ্বে তেওঁৰ কন্ঠত মুক্তিপ্ৰাপ্ত “বাৰিষাৰে বৰষা হোৱা” শীৰ্ষক গীতটিয়ে ইতিমধ্যে দৰ্শকক বাৰুকৈয়ে আকৰ্ষিত কৰিছিল।

মুনমী ফুকনৰ সৈতে ৰাকেশ ৰিয়ানৰ ৰোমাঞ্চঃ "চিকমিক বিজুলী" ৰ শুভ মুক্তি- 2


এইবাৰ তেওঁৰ কন্ঠৰ “চিকমিক বিজুলী” য়েও ২৪ ঘন্টা হ’বলৈ নৌপাওঁতে ৪০ হাজাৰৰো অধিক ভিউৱাৰচক নিজৰ ফলীয়া কৰিবলৈ সক্ষম হৈছে। গীতটিত ৰাকেশ ৰিয়ানৰ সৈতে দ্বৈতভাৱে কন্ঠদান কৰিছে মহাস্বেতাই আৰু আনহাতে, ৰাকেশৰ সৈতে গীতটিৰ ভিডিঅ’ত অভিনয় কৰিছে মুনমী ফুকনে। “চিকমিক বিজুলী” ত সংগীত দিছে প্ৰণয় দত্তই লগতে ইয়াক লিখিছে ৰেকিবুলে।

Add comment

Leave a Reply