Rupaliparda.com
আধুনিকতা তথা আভিজাত্যৰ মাধমাৰঃ দুখীয়াৰ দুখৰ কাহিনীৰে ছবি "সংগ্ৰাম"- 1

আধুনিকতা তথা আভিজাত্যৰ মাধমাৰঃ দুখীয়াৰ দুখৰ কাহিনীৰে ছবি “সংগ্ৰাম”-

১৯৬৮ চনত অমৰ পাঠকৰ পৰিচালনা তথা কাহিনী, চিত্ৰনাট্যৰে নিৰ্মিত এখন অসমীয়া ছবিয়ে মুক্তি লাভ কৰিছিল; যাৰ নাম আছিল “সংগ্ৰাম”। ইজৰাইল খানৰ প্ৰযোজনাৰে আৰু আই কে চিনে এন্টাৰপ্ৰাইজৰ বেনাৰত নিৰ্মিত এই ছবিখনত অভিনয় কৰিছিল বিদ্যা ৰাও, নিপন গোস্বামী, প্ৰদীপ ভূঞা, ৰাজেন দাস, শ্যামলী চেটাৰ্জী, জোনালী দুৱৰা, ৰজনী গুপ্তা, পুণ্য দাস,কল্যাণ চেটাৰ্জী, আব্দুল হক চৌধুৰী, গিৰিশ দাস, তিলক দুৱৰা আৰু প্ৰতিভা দাসে।

আধুনিকতা তথা আভিজাত্যৰ মাধমাৰঃ দুখীয়াৰ দুখৰ কাহিনীৰে ছবি "সংগ্ৰাম"- 2


“সংগ্ৰাম” ছবিখনত দুখীয়া আৰু আভিজাত্যৰ জীৱনৰ এক সুন্দৰ উপস্থাপন কৰা হৈছে। বানপানীৰ ফলত কেনেদৰে সাধাৰণ জনৰ জীৱন যাত্ৰাৰ গতি সলনি হ’ব পাৰে তাকেই দেখুওৱা হৈছে লগতে ছবিখনত যোৰ কৰি লোৱা প্ৰেম আৰু সংঘাতৰ কাহিনী দেখিবলৈ পোৱা গৈছিল। এটি সৰু অথচ গুৰুত্বপূৰ্ণ কাহিনী দৰ্শকৰ মাজত উপস্থাপন কৰাত “সংগ্ৰাম” ছবিখন সফল বুলি ক’ব পৰা যায়।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform