Rupaliparda.com
চুলিৰ মাজত "জুবিন" লিখি হাৰ্টথ্ৰৱ গৰাকীলৈ যাঁচিলে শুভকামনাঃ 1

চুলিৰ মাজত “জুবিন” লিখি হাৰ্টথ্ৰৱ গৰাকীলৈ যাঁচিলে শুভকামনাঃ

আজিৰ দিনটো প্ৰায় প্ৰত্যেকজন অসমীয়াই উৎসৱ হিচাপে উদযাপন কৰে। চচিয়েল মিডিয়াত কেৱল মাত্ৰ এজন ব্যক্তিৰে ফটো ভাইৰেল হৈ থাকে আজিৰ দিনটোত। বলীউডৰ শ্বাহৰুখ, ছলমানৰ জন্মদিনত তেওঁলোকৰ অনুৰাগীয়ে যেনেদৰে তেওঁলোকৰ ঘৰৰ বাহিৰত ভিৰ কৰে ঠিক তেনেদৰে অসমৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ জন্মদিনত অনুৰাগীৰ তাতকৈ অধিক ভিৰ দেখিবলৈ পোৱা যায়।

চুলিৰ মাজত "জুবিন" লিখি হাৰ্টথ্ৰৱ গৰাকীলৈ যাঁচিলে শুভকামনাঃ 2


সংগীতৰ একাঘেয়ামীতা আঁতৰাই এইগৰাকী কন্ঠশিল্পীয়ে নিজৰ গীতত যি নতুনত্বৰ ধাৰা বোঁৱাইছিল; সেই ধাৰাক আঁকোৱালি লৈছিল অসমৰ সমগ্ৰ জনসাধাৰণে। তেওঁৰ প্ৰত্যেকটো গীতেই প্ৰিয় হৈ ৰৈছিল। এইগৰাকী জনপ্ৰিয় কন্ঠশিল্পী ও অসমৰ সুযোগ্য সন্তান গৰাকীক আমি ৰূপালী পৰ্দাৰ ফালৰ পৰা জনাইছো অশেষ শুভকামনা।

চুলিৰ মাজত "জুবিন" লিখি হাৰ্টথ্ৰৱ গৰাকীলৈ যাঁচিলে শুভকামনাঃ 3


জুবিন গাৰ্গৰ প্ৰত্যেকটো ফেন ক্লাৱে বিভিন্ন ধৰণে শিল্পী গৰাকীলৈ যাঁচিছে শুভকামনা। কিন্তু তাৰ মাজতে ব্যতিক্ৰম এজন অনুৰাগী; তেওঁ নিজৰ চুলিৰ মাজতেই “জুবিন” লিখি নিজৰ প্ৰিয় শিল্পী গৰাকীলৈ যাঁচিছে জন্মদিনৰ শুভকামনা। চাওঁক এই ফটোঃ

চুলিৰ মাজত "জুবিন" লিখি হাৰ্টথ্ৰৱ গৰাকীলৈ যাঁচিলে শুভকামনাঃ 4

Add comment

Leave a Reply