Rupaliparda.com
এইবাৰ "গংগাধৰ" ৰ সৈতে প্ৰাঞ্জল পৰশঃ 1

এইবাৰ “গংগাধৰ” ৰ সৈতে প্ৰাঞ্জল পৰশঃ

“অ’ দাইদে”, “মন মাঝী”, “নাগাৰা” আদিকে ধৰি বহু কেইটা জনপ্ৰিয় গীতৰ কন্ঠশিল্পী প্ৰাঞ্জল পৰশৰ কন্ঠত মুক্তি পাব এটি সুহুতীয়া বিহু গীত; নাম “গংগাধৰ”। মৰ্ডান অসমীয়া গীতত কন্ঠ নিগৰোৱা কন্ঠশিল্পী সমূহৰ তালিকাত প্ৰাঞ্জল পৰাশৰ নাম উল্লেখযোগ্য; সেই অনুপাতে তেওঁৰ অনুৰাগীৰ সংখ্যাও লেখত ল’বলগীয়া। যোৱা দূৰ্গা পূজাৰ সময়ছোৱাত মুক্তি প্ৰাপ্ত “ৰমলা” গীতটিয়েও ইতিমধ্যে লাভ কৰিছে দৰ্শকৰ সমাদৰ।


এইবাৰ হাস্যৰসৰ কনচেপ্টেৰে কন্ঠশিল্পী গৰাকীয়ে প্ৰস্তুত কৰি উলিয়াইছে তেওঁৰ নতুন গীত “গংগাধৰ”। উল্লেখ্য যে, মূলতঃ শিশুৰ বাবে প্ৰচাৰিত জনপ্ৰিয় ধাৰাবাহিক “শক্তিমান” ৰ বহু চৰ্চিত সংলাপ “গংগাধৰেই শক্তিমান” শীৰ্ষক শাৰীটোৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছে এই গীতটো।

এইবাৰ "গংগাধৰ" ৰ সৈতে প্ৰাঞ্জল পৰশঃ 2


উক্ত গীতটি লিখিছে দিগন্ত ভাৰতীয়ে আৰু ইয়াত সংগীত পুলক নাথৰ লগতে গীতটিত সুৰ দিছে বিদ্যুৎ বিকাশে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.