২০১২ ৰ পৰা অভিনয় জগতৰ সৈতে জড়িত অভিনেতা তথা মন্টুমণিৰ কন্ঠৰ এটি গীত; “চেল্ফি লে লে” ৰ পৰা দৰ্শকৰ মাজত জনপ্ৰিয় হৈ উঠা মুখখনেই হৈছে কিশোৰ কুমাৰ দাসৰ। মিৰ্জাত জন্মগ্ৰহণ কৰা এইগৰাকী অভিনেতাক আজি জন্মদিনৰ ওলগ জনাই ৰূপালী পৰ্দাই তেওঁলৈ যাঁচিছে অশেষ শুভকামনা।


ৰং চেনেলত প্ৰচাৰিত “বিধাতা” ধাৰাবাহিকখনেও কিশোৰক দিছিল এক সুকীয়া চিনাকী। আইমী বৰুৱা, শশাংক সমীৰ আদি জনপ্ৰিয় শিল্পীৰ সৈতে অভিনীত এই গৰাকী অভিনেতাৰ বৰ্তমান অনুৰাগীৰ সংখ্যাও লেখত ল’বলগীয়া। বৰ্তমান মিউজিক ভিডিঅ’ সমূহত চিনাকী মুখখনেই হৈছে কিশোৰ কুমাৰ দাসৰ। অভিনয়ৰ লগতে তেওঁৰ নৃত্যৰো অনুৰাগী বহু দৰ্শক। পুনৰ বাৰ অভিনেতা গৰাকীক শুভকামনা জনোৱাৰ লগতে তেওঁ অভিনীত কেইটিমান জনপ্ৰিয় গীতৰ লিংক আপোনালোকলৈ আগবঢ়ালো-
Add comment