“ৰং-বিৰং” ৰ পিছত দৰ্শকলৈ কন্ঠশিল্পী দীপলিনাৰ নতুন হিন্ট। পুনৰ কন্ঠশিল্পী গৰাকীৰ কন্ঠৰে আহি আছে দুটা নতুন গীত। “মিছন ছাইনা” ত কৰা অভিনয়েৰে জনপ্ৰিয় হৈ উঠা লগতে “চুই দিয়ানা” শীৰ্ষক গীতটিৰে দৰ্শকৰ যথেষ্ট সমাদৰ লাভ কৰা এই গৰাকী কন্ঠশিল্পীয়ে সময় সময়ে নিজৰ প্ৰতিভাৰে মুগ্ধ কৰিছে নিজৰ অনুৰাগী ও দৰ্শকক।

দীপলিনাই ইতিমধ্যে তেওঁৰ আহিবলগীয়া গীত দুটিৰ বিষয়ে দৰ্শকক জনায় নিজৰ ইনষ্টাগ্ৰাম পোষ্ট যোগে। আপডেটটো দিয়াৰ লগে লগেই দৰ্শকৰ বিভিন্ন কমেন্টেৰে ভৰি পৰিছে তেওঁৰ পোষ্ট। দৰ্শক উৎসাহিত হৈ পৰিছে কন্ঠশিল্পী গৰাকীৰ আগন্তুক প্ৰজেক্টক লৈ। ইনষ্টাগ্ৰাম পোষ্টটিত তেওঁ কয় যে, “প্ৰস্তুতি চলিছে আহিবলগীয়া দুটি গীতৰ; এটা মোৰ “লভ চিৰিজ” ৰ পৰা আৰু আনটো দৰ্শকৰ বাবে হ’ব “চাৰপ্ৰাইজ”।
Add comment