Rupaliparda.com
মুক্তি পালে "থলাইবী" ৰ ফাৰ্ষ্ট লুক পোষ্টাৰ তথা টিজাৰঃ 1

মুক্তি পালে “থলাইবী” ৰ ফাৰ্ষ্ট লুক পোষ্টাৰ তথা টিজাৰঃ

অৱশেষত মুক্তি পালে বহু চৰ্চিত ছবি “থলাইবী” ৰ ফাৰ্ষ্ট লুক পোষ্টাৰ তথা লগতে টিজাৰ। এই ছবিখন তামিলনাডুৰ পূৰ্বৰ মূখ্যমন্ত্ৰী জয়ললিতাৰ কাহিনীৰ ওপৰত আধাৰিত; য’ত জয়ললিতাৰ চৰিত্ৰ ৰূপায়ন কৰিছে জনপ্ৰিয় অভিনেত্ৰী কংকনা ৰাণাওঁটে।


অভিনেত্ৰী গৰাকীয়ে পূৰ্বৰে পৰা এই ছবিখনক লৈ বহু পৰিশ্ৰম কৰি থকা দেখিবলৈ পোৱা গৈছিল; এই পৰিশ্ৰমৰ ফল আছলতে দৰ্শকেও তেওঁৰ আহিবলগীয়া ছবিৰ পোষ্টাৰ আৰু টিজাৰত লক্ষ্য কৰিছে।


“থলাইবী” ত জয়ললিতাৰ চৰিত্ৰ ৰূপায়নৰ বাবে কংগনা ৰাণাওঁটে ভাৰত নাট্যম শিকাৰ উপৰিও তামিল ভাষাৰো শিক্ষা গ্ৰহণ কৰিছিল। এই ছবিখন হিন্দী, তামিলৰ বাহিৰেও তেলেগু সংস্কৰণতো নিৰ্মিত কৰা হ’ব। ২০২০ চনৰ ৬ জুন তাৰিখে এই ছবিখনে মুক্তি লাভ কৰিব।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform