Rupaliparda.com
কিশোৰ নামটো "কিশোৰী" কৰি জোকাইছিল মোক সকলোৱেঃ কিশোৰ কুমাৰ দাস 1

কিশোৰ নামটো “কিশোৰী” কৰি জোকাইছিল মোক সকলোৱেঃ কিশোৰ কুমাৰ দাস

“চেল্ফী লে লে” গীতটিত কৰা অভিনয় তথা নৃত্যৰে দৰ্শকৰ হৃদয় জিনা অভিনেতা কিশোৰ দাসৰ জনপ্ৰিয়তা বৰ্তমান নক’লেও হয়টো আপোনালোকে বুজিব পাৰে। আজিৰ তাৰিখত মুক্তিপ্ৰাপ্ত প্ৰায় গীততেই দেখিবলৈ পোৱা যায় অভিনেতা গৰাকীক। কিশোৰ দাস অভিনীত প্ৰথম খন ধাৰাবাহিক “বিধাতা” ইও দৰ্শকৰ বহুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল।

কিশোৰ নামটো "কিশোৰী" কৰি জোকাইছিল মোক সকলোৱেঃ কিশোৰ কুমাৰ দাস 2

এনে পৰিপ্ৰেক্ষিততে, অাজি সাক্ষাৎকাৰ বিশেষত ৰূপালীপৰ্দাৰ সৈতে আছে অভিনেতা কিশোৰ দাসৰ “ইটো-সিটো’। আহক চোন চাওঁ-

প্ৰশ্নঃ আপুনি অভিনয় ক্ষেত্ৰখনৰ সৈতে কেতিয়াৰ পৰা জড়িত??

কিশোৰ নামটো "কিশোৰী" কৰি জোকাইছিল মোক সকলোৱেঃ কিশোৰ কুমাৰ দাস 3

কিশোৰঃ অভিনেতা হ’ম বুলি মই আছলতে ভবা নাছিলো; মই ডেন্স হে কৰিছিলো। ডি.আই.ডি তথা ইণ্ডিয়াচ গ’ট টেলেন্ট আদি ৰিয়েলিটী শ্ব’ ত মই অ’ডিশ্বনো দিছো। তাৰ পিছত ফটোশ্বুট’ কৰিছিলো, ফটো সমূহ দেখি সকলোৱে ভাল লগা বুলি কয় গতিকে তেনেকৈয়ে আহি আহি মই ২০১৪ চনত অভিনয় ক্ষেত্ৰখনৰ সৈতে জড়িত হৈ পৰিলো।

প্ৰশ্নঃ “বিধাতা” ধাৰাবাহিক খনে দৰ্শকৰ মাজত আপোনাক এক সুকীয়া চিনাকী দিছে; আপোনাৰ কেনে অনুভৱ হয়?

কিশোৰ নামটো "কিশোৰী" কৰি জোকাইছিল মোক সকলোৱেঃ কিশোৰ কুমাৰ দাস 4

কিশোৰঃ অনু্ভৱ বুলি ক’লে তোমাক ক’ব লাগিব যে এই ধাৰাবাহিকখন কৰি মোৰ বহুত ভাল লাগিছিল; “বিধাতা” খন মোৰ অভিনয় জীৱনৰ প্ৰথমখন ধাৰাবাহিক। লগতে, ৰাইজে আদৰিও লৈছিল ধাৰাবাহিকখন।
লগতে, আমাৰ যিটো নৱ প্ৰজন্ম তেওঁলোকে মোক চিনি পাইছিল কেৱল মাত্ৰ মিউজিক ভিডিঅ’ সমূহৰ জৰিয়তে; কিন্ত “বিধাতা” ৰ জৰিয়তে মোক প্ৰত্যেকটো বয়সৰ দৰ্শকেই চিনি পাইছিল যে আছলতে “কিশোৰ দাস” কোন! ইয়াৰ বাবে মই বিশেষকৈ ধন্যবাদ দিব লাগিব ধাৰাবাহিকখনৰ পৰিচালক বাপা আহমেদক। তেওঁ মোক বিশ্বাস কৰি ধাৰাবাহিকখনৰ সেই চৰিত্ৰটো দিয়া বাবে মই সঁচাকৈ তেওঁৰ আগত কৃতজ্ঞ।

প্ৰশ্নঃ আপোনাৰ কিবা জুকোৱা নাম আছেনে??

কিশোৰ নামটো "কিশোৰী" কৰি জোকাইছিল মোক সকলোৱেঃ কিশোৰ কুমাৰ দাস 5

কিশোৰঃ হা হা হা…… আছে আছে। জুকোৱা নাম কেইবাটাও নাই কিন্ত যি এটায়ে আছে সেইটোও সাংঘাতিক। সেইটো হৈছে “কিশোৰী”।
হা হা হা………

প্ৰশ্নঃ অসমীয়া চলচিত্ৰৰ সৈতে জড়িত কোন গৰাকী অভিনেত্ৰীৰ সৈতে অভিনয় কৰাৰ আপোনাৰ ইচ্ছা?

কিশোৰ নামটো "কিশোৰী" কৰি জোকাইছিল মোক সকলোৱেঃ কিশোৰ কুমাৰ দাস 6

কিশোৰঃ ইচ্ছা বুলি ক’বলৈ গ’লে বহুতৰে লগত আছে কিন্তু একেখন মঞ্চ ভাগ কৰিবলৈ বা নিজৰ সহঃঅভিনেত্ৰী হিচাপে মই বিশেষকৈ মুনমী ফুকনক বিচাৰো। তেওঁৰ সৈতে অভিনয় কৰাৰ ইচ্ছা মোৰ; তেওঁৰ অভিনয় সাংঘাতিক প্ৰিয়।

প্ৰশ্নঃ আপোনাৰ আগন্তুক প্ৰজেক্টৰ বিষয়ে জানিব বিচাৰিম।

কিশোৰ নামটো "কিশোৰী" কৰি জোকাইছিল মোক সকলোৱেঃ কিশোৰ কুমাৰ দাস 7

কিশোৰঃ মোৰ এখন চিনেমা আহি আছে, শ্বুটিং আৰম্ভ হোৱা নাই এতিয়ালৈ ছবিখনৰ। ইয়াৰ লগতে, অহা বৰ্ষৰ ৬ জানুৱাৰীৰ পৰা ৰং চেনেলত সম্প্ৰচাৰ হ’ব মোৰ এখন ধাৰাবাহিক “বান্ধোন”।
ইয়াৰ সমসাময়িক ভাৱে মিউজিক ভিডিঅ’ বোৰৰো কাম চলি আছে বাৰু।

…… ৰূপালী পৰ্দাক আপোনাৰ ব্যস্ত সময়ৰ পৰা অকণমান সময় উলিয়াই দিয়াৰ বাবে বহুত ধন্যবাদ। আপোনাৰ আগন্তুক প্ৰত্যেকটো প্ৰজেক্টৰ সফল কামনা কৰি আজি আপোনাৰ পৰা বিদায় লৈছো।

কিশোৰ নামটো "কিশোৰী" কৰি জোকাইছিল মোক সকলোৱেঃ কিশোৰ কুমাৰ দাস 8

কিশোৰঃ ধন্যবাদ।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.