Rupaliparda.com
"মই অমিতাভ বচ্চনতকৈ অধিক দিন কাম কৰাৰ পিছতো মোক নাম দিয়া নাছিল"- তাপসি পান্নু 1

“মই অমিতাভ বচ্চনতকৈ অধিক দিন কাম কৰাৰ পিছতো মোক নাম দিয়া নাছিল”- তাপসি পান্নু

কিছুসময় পূৰ্বে মুক্তিপ্ৰাপ্ত ছবি “বদলা” ই বৃহৎ সংখ্যাত সমাদৰ লাভ কৰিছিল। চলচিত্ৰ সমালোচকেও ছবিখনক লৈ ধনাত্মক মন্তব্য প্ৰদান কৰিছে। ইয়াৰ পিছতেই অভিনেত্ৰী গৰাকীয়ে ছবিখনক উদ্দেশ্যি কৰে এক বিস্ফোৰক মন্তব্য। আছলতে, জনপ্ৰিয় অভিনেত্ৰী নেহা ধূপিয়াৰ এক অনুষ্ঠানত এই মন্তব্য প্ৰদান কৰে অভিনেত্ৰী তাপসি পান্নুয়ে।

"মই অমিতাভ বচ্চনতকৈ অধিক দিন কাম কৰাৰ পিছতো মোক নাম দিয়া নাছিল"- তাপসি পান্নু 2
"মই অমিতাভ বচ্চনতকৈ অধিক দিন কাম কৰাৰ পিছতো মোক নাম দিয়া নাছিল"- তাপসি পান্নু 3


অভিনেত্ৰী গৰাকীয়ে কয় যে “মই “বদলা” ৰ দৰে ছবিত যেতিয়া কাম কৰিছিলো; তেতিয়া মই অমিতাভ বচ্চনতকৈ বেছি দিন কাম কৰিছিলো লগতে তেওঁতকৈ অধিক দৃশ্য মোৰ আছিল। অমিতাভ বচ্চন ছবিখনত নায়ক আছিল আৰু মই তেওঁৰ শত্ৰু ৰ চৰিত্ৰ ৰূপায়ন কৰিছিলো। কিন্তু যেতিয়া ছবিখনে মুক্তি লাভ কৰিছিল তেতিয়া সকলোৱে একমাত্ৰ এটাই কথা কৈছিল যে এইখন অমিতাভ বচ্চনৰ ছবি।”

"মই অমিতাভ বচ্চনতকৈ অধিক দিন কাম কৰাৰ পিছতো মোক নাম দিয়া নাছিল"- তাপসি পান্নু 4


যেতিয়া অভিনেত্ৰী গৰাকীয়ে নিজৰ মাত উঠায় তেতিয়াহে সকলোৱে তাপসিক চিনি পায় আৰু সকলোৱে সেইটো সময়তহে তেওঁৰ নাম লয় বুলি মন্তব্য কৰে অভিনেত্ৰী তাপসিয়ে। তাপসিয়ে আকৌ কয় যে, “এই পৃথিৱীখন হৈছে পুৰুষপ্ৰধান; এওঁলোকৰ কেতিয়াও অনুভৱ নহয় যে প্ৰকৃততে বেছি কাম কৰিছেনে নে নাই!!”

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.