Rupaliparda.com
"প্ৰতিঘাত" ৰ মুক্তি হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ বাসগৃহতঃ 1

“প্ৰতিঘাত” ৰ মুক্তি হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ বাসগৃহতঃ

অচিন্ত শংকৰৰ পৰিচালনাত নিৰ্মিত অসমীয়া ছবি “প্ৰতিঘাত”-এ মুক্তিৰ পূৰ্বেই দৰ্শকৰ মনত এক উৎসাহৰ সৃষ্টি কৰিছে। ছবিখনৰ প্ৰচাৰৰ ক্ষেত্ৰতো কলা-কুশলীয়ে বিভিন্ন ঠাইত ৰাইজৰ কাষ চাপিছে। কিছুদিন পূৰ্বে মুক্তিপ্ৰাপ্ত ছবিখনৰ ট্ৰেইলাৰ, পোষ্টাৰ, গীত আদিয়েও দৰ্শকৰ মনত উৎসাহৰ সৃষ্টি কৰিছে।


এনে পৰিপ্ৰেক্ষিততে, এইবাৰ ৰাইজৰ বাবে মুকলি কৰা হ’ব এই ছবিখনৰ আন এটি গীত “প্ৰতিঘাত”। আজি অৰ্থাৎ ২৬ নৱেম্বৰৰ নিশা ৯ বজাত হাৰ্টথ্ৰৱ গৰাকীৰ বাসগৃহত মুকলি কৰা হ’ব এই গীতটি। গীতটিৰ কথা শশাংক সমীৰৰ।

"প্ৰতিঘাত" ৰ মুক্তি হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ বাসগৃহতঃ 2


নাৰী সৱলীকৰণৰ কাহিনীৰে নিৰ্মিত এই ছবিখনত দেখিবলৈ পোৱা যাব কেইবাগৰাকীও জনপ্ৰিয় অভিনেতা অভিনেত্ৰীক। সেইকেইজন হ’ল ক্ৰমে অমৃতা গগৈ, দিগন্ত হাজৰিকা, বিষ্ণু খাৰঘৰীয়া, সিদ্ধাৰ্থ শৰ্মা, দেৱজিৎ মজুমদাৰ, পদ্মৰাগ গোস্বামী, অচিন্ত শৰ্মা, জলী লস্কৰ আৰু আশ্ৰামিকা শইকীয়াই। ডিচেম্বৰৰ ৬ তাৰিখে ছবিগৃহত মুক্তি লাভ কৰিব দমদাৰ কাহিনী আৰু অভিনয়েৰে অসমীয়া ছবি “প্ৰতিঘাত”।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.