চচিয়েল মিডিয়াত কিছুদিন পূৰ্বে বৰকৈ এটা নামে প্ৰাধান্য লাভ কৰিছিল। যুৱ প্ৰজন্মৰ চচিয়েল মিডিয়া পোষ্ট যোগে প্ৰায় ভাইৰেলে হৈ পৰিছিল অভিনেতা জনৰ নাম আৰু এই নামটো আছিল “বিচিত্ৰ বৰা” ৰ। ব্যতিক্ৰমী ধৰণে অসমীয়া আগন্তুক ছবি “গৰু” ৰ প্ৰচাৰ চলা দেখিবলৈ পোৱা গৈছিল। এনেক্ষেত্ৰতে জনপ্ৰিয়তা লাভ কৰিছিল এই “বিচিত্ৰ বৰা” ৰ নামটোৱে।

আজি আমাৰ ৰূপালীপৰ্দাৰ সাক্ষাৎকাৰ বিশেষত মই ৰীমা দত্তই লৈ আনিছো “বিচিত্ৰ বৰা” ৰ আঁৰৰ ব্যক্তি গৰাকীক আপোনালোকৰ মাজলৈ; তেওঁ হৈছে নৱপ্ৰজন্মৰ যুৱ অভিনেতা চন্দন দাস। আহক চোন এই সাক্ষাৎকাৰটি জৰিয়তে তেওঁৰ বিষয়ে জানো কিছু কথাঃ
প্ৰশ্নঃ আপুনি অভিনয় ক্ষেত্ৰখনৰ সৈতে কেতিয়াৰ পৰা জড়িত??

চন্দনঃ অভিনয়ৰ সৈতে সৰুৰ পৰা জড়িত হৈ পৰিছিলো। অভিনেতা হোৱাৰ ইচ্ছাও আছিল গতিকে সপ্তম শ্ৰেণীত থাকোতে “ৰাজপথৰ আলাপ” বুলি এখন একাংকিকা নাট কৰিছিলোঁ। তেতিয়াৰ পৰাই এই অভিনয় ক্ষেত্ৰখনৰ সৈতে জড়িত হৈ আছোঁ।
প্ৰশ্নঃ আগন্তুক ছবি “গৰু” ত আপোনাৰ চৰিত্ৰটোৰ বিষয়ে জানিব বিচাৰিম।

চন্দনঃ ইতিমধ্যে আপোনালোকে নিশ্চয় “বিচিত্ৰ বৰা” নামটো শুনিছে। চচিয়েল মিডিয়াত এই নামটোৰে “গৰু” টো হেৰাইছিল আৰু এই ছবিখনত মইয়ে বিচিত্ৰ বৰা চৰিত্ৰটো ৰূপায়ন কৰিছো।
জীৱন আৰু জীৱিকাৰ তাড়নাত দৌৰি ফুৰা এই ব্যস্ত চৰিত্ৰটো আৰু অধিক ব্যস্ত হয় উঠে যেতিয়া তেওঁলোকৰ ঘৰৰ গৰুটো হেৰায়। ইয়াৰ লগতে, মই ক’ম যে, বৰ্তমানৰ যুৱ প্ৰজন্মটোৱে বিচিত্ৰ বৰাৰ চৰিত্ৰটোত নিশ্চয় নিজক বিচাৰি পাব।
প্ৰশ্নঃ দৰ্শকক “গৰু” ৱে কি নতুনত্ব দিব বুলি আপুনি ভাৱে??

চন্দনঃ অসমীয়া চিনেমাৰ ভাল দিন চলি থকা সময়তে ‘গৰু’ৱে মুক্তি লাভ কৰিব আৰু ই নিশ্চয়কৈ দৰ্শকক আমোদ দিয়াৰ লগতে মনোৰঞ্জন তথা কিছু চিন্তাৰ অৱকাশ দিব। মুঠতে ক’বলৈ গ’লে ‘গৰু’ৱে দৰ্শকৰ মন আৰু মগজু এই দুয়ো স্থানতে আধিপত্য চলাব।
প্ৰশ্নঃ আপোনাৰ জুকোৱা নাম কিবা আছেনে?? নাইবা স্কুল/ কলেজত আপোনাক কি নামেৰে জোকাইছিল?

চন্দনঃ জোকোৱা নাম নাই বুলিয়ে ক’ব পাৰি। স্কুল, কলেজত শান্ত-শিষ্ট আছিলোঁ বাবে একো জোকোৱা নাম নোলাল চাগে!
কিন্তু ‘ছাকিৰা আহিব বকুলতলৰ বিহুলৈ'” চিনেমাখনত অভিনয় কৰা পিছৰে পৰা ‘চেপেটা পিনৰ চাৰ্জাৰ’ বুলি বন্ধুমহলত জোকোৱা নাম এটা ওলাইছিল।
প্ৰশ্নঃ “গৰু” ৰ পিছত আপুনি আৰু অইন কি প্ৰজেক্টৰ সৈতে জড়িত থাকিব?? জানিব বিচাৰিম।

চন্দনঃ আগন্তুক প্ৰজেক্ট বুলি ক’লে বহুত কাম হাতত লোৱা আছে। পৰবৰ্তী পৰ্যায়ত এটা-দুটাকৈ আপোনালোকক জনাম।
… ধন্যবাদ চন্দন। “গৰু” ছবিখন সফল কামনা কৰি আজিলৈ এৰিছো… ধন্যবাদ।
চন্দনঃ ৰূপালীপৰ্দাৰ পেজ খনৰ সৈতে জড়িত সমূহ কৰ্মকৰ্তাক মইও মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলো।
Add comment