Rupaliparda.com
কটনত হ'ব "বন্ধুৰ আড্ডা": থাকিব নয়ন-বিবেক, জুবিন-দীক্ষুঃ 1

কটনত হ’ব “বন্ধুৰ আড্ডা”: থাকিব নয়ন-বিবেক, জুবিন-দীক্ষুঃ

৬ ডিচেম্বৰ তাৰিখে গুৱাহাটীস্থিত কটন বিশ্ববিদ্যালয়ত অসমীয়া আগন্তুক ছবি “বন্ধু” ৰ সংগীত তথা ভিজুৱেল মুকলি অনুষ্ঠান আয়োজন কৰা হৈছে। ত্ৰিদীপ লাহনৰ পৰিচালনাৰে আৰু অমিত জৈনৰ প্ৰযোজনাৰে অহা বৰ্ষৰ ৩১ জানুৱাৰী তাৰিখে ছবিগৃহত মুক্তি পাবলগীয়া এই ছবিখনত অভিনয় কৰিছে নয়ন নীলিম, বিবেক বৰা, জ্যোতিস্মান শৰ্মা, ইপ্সিতা,ৰাছনা(কন্নড় অভিনেত্ৰী), সিদ্ধাৰ্থ মূখাৰ্জী, পুনম কস্তুৰী আৰু বনী দেউৰীয়ে। ছবিখনত সংলাপ ড° নয়নজ্যোতি তালুকদাৰৰ।

কটনত হ'ব "বন্ধুৰ আড্ডা": থাকিব নয়ন-বিবেক, জুবিন-দীক্ষুঃ 2


৬ ডিচেম্বৰ তাৰিখে অনুষ্ঠিত হ’বলগীয়া উক্ত সংগীত আৰু ভিজুৱেল মুকলি অনুষ্ঠানত উপস্থিত থাকিব জুবিন গাৰ্গ, দীক্ষু শৰ্মা, নীল শৰ্মা, ইচবন লাল বৰুৱা, দিগন্ত ভাৰতী,হাৰদী বৰাৰ লগতে ৰেকিবুল। “বন্ধু” ছবিখনৰ সৈতে জড়িত সমূহ কলা-কুশলীয়ে অনুষ্ঠানখনৰ যোগেৰে সকলোৰে সৈতে মত বিনিময় কৰাৰ উপৰিও বন্ধুসুলভ সময়ো অতিবাহিত কৰিব। ছবিখনৰ সংগীত আৰু ভিজুৱেল মুকলি অনুষ্ঠানক “বন্ধুৰ আড্ডা” নাম দিছে ছবিখনৰ কলা-কুশলীয়ে।

1 comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.