Rupaliparda.com
পুনৰ বাৰ এজাক ভালপোৱাৰ বতাহেৰে "তুমি আহিলে"- 1

পুনৰ বাৰ এজাক ভালপোৱাৰ বতাহেৰে “তুমি আহিলে”-

“চুই দিয়ানা” ৰ পিছত আকৌ এক নতুন ৰোমান্টিক গীতৰ সৈতে আহি আছে কন্ঠশিল্পী দীপলিনা ডেকা। অসমীয়া সংগীত জগতৰ এগৰাকী উল্লেখযোগ্য কন্ঠশিল্পী ৰূপে নিজক পৰিগণিত কৰা এইগৰাকী কন্ঠশিল্পীৰ প্ৰত্যেকটো গীত জনপ্ৰিয় হোৱাৰ লগতে তেওঁৰ আহিবলগীয়া গীত সমূহৰ বাতৰিয়ে উৎসাহিত কৰি তোলে অনুৰাগী সকলক।

পুনৰ বাৰ এজাক ভালপোৱাৰ বতাহেৰে "তুমি আহিলে"- 2
https://www.instagram.com/p/B5nTNH8hcU1/?utm_source=ig_web_copy_link


কেইবাদিনৰ পৰা টিক-টকত ট্ৰেণ্ডিং হৈ থকা দীপলিনাৰ “তুমি আহিলে” শীৰ্ষক গীতটি অহা ৮ ডিচেম্বৰ তাৰিখে মুক্তি লাভ কৰিব। ইতিমধ্যে গীতটিৰ ফাৰ্ষ্ট লুক পোষ্টাৰে মুক্তি লাভ কৰিছে। গীতটিৰ ভিডিঅ’টিত যুঁটীয়াভাৱে অভিনয় কৰিছে দীপলিনাৰ সৈতে দীপজ্যোতি মহন্তই।

Add comment

Leave a Reply