Rupaliparda.com
"বহ্নিমান"-"ৰক্তবীজ" ৰ পিছতেই এইবাৰ "লখিমী"- 1

“বহ্নিমান”-“ৰক্তবীজ” ৰ পিছতেই এইবাৰ “লখিমী”-

২০২০ চনলৈ মাজত মাত্ৰ কেইটামান দিন। বৰ্তমান অসমীয়া ছবিৰ যিটো বতাহে দৰ্শকৰ মন জুৰাবলৈ সক্ষম হৈছে; সেই বতাহ জাক হয়টো বলিব আগন্তুক বৰ্ষলৈ। কিয়নো অহা বৰ্ষটোত প্ৰথমটো মাহৰ পৰাই ইখনৰ পিছত সিখন ছবিৰ মুক্তি খবৰ শুনিবলৈ পোৱা গৈছে। এনে অসমীয়া ছবিৰ ভিতৰত এখন হ’ল বিশ্বজিৎ বৰাৰ দ্বাৰা পৰিচালিত “লখিমী”।

"বহ্নিমান"-"ৰক্তবীজ" ৰ পিছতেই এইবাৰ "লখিমী"- 2


আমেৰিকা নিবাসী ভাৰতীয় মূলৰ মহেশ চিৰলাৰ প্ৰযোজনাৰে নিৰ্মিত এই ছবিখনত অভিনয় কৰিছে অৰুণ হাজৰিকা, ৰাজীৱ ক্ৰ, পৃথ্বীৰাজ ৰাভা, অৰুণ বৰা, বিনোদলাল দাস, দীনেশ গগৈ, জ্যোতিৰূপা বৰা, অজয় ভৰালী, প্ৰবীণ দাস, ৰাগিনী বৰাকে আদি কেইবাগৰাকীও ন-পূৰণি অভিনেতা-অভিনেত্ৰীয়ে। “লখিমী” ত প্ৰযোজনা নিয়ন্ত্ৰকৰ দায়িত্বত আছে অসীম শইকীয়া। ইয়াৰ উপৰিও ছবিখনত তিনিখন ন-মুখৰ আগমণ ঘটিছে সেইকেইজন হ’ল ক্ৰমে আমেৰিকাস্থিত লোভা চিৰলা লগতে পৰিচালক দীনেশ গগৈৰ কন্যা স্বাধীনতা গগৈকো প্ৰথমবাৰৰ বাবে ছবিখনত দেখিবলৈ পাব দৰ্শকে আৰু ইয়াৰ উপৰিও পোন প্ৰথমবাৰৰ বাবে মুম্বাইস্থিত অসম সন্তান মডেল গীতাৰ্থ বৰাৰ অভিনয় কৰিছে উক্ত ছবিখনত।


লখিমীৰ কাহিনী, চিত্ৰনাট্য, সংলাপ আৰু পৰিচালনা লগতে ছবি খনৰ সম্পাদনা হিচাপে কাম কৰিছে বিশ্বজিৎ বৰাই । এজন চলচ্চিত্ৰ সম্পাদক হিচাবে 2002 চনতে বহু হিন্দী ছবিত কাম কৰাৰ পিছত বৰাই এইবাৰ আৰম্ভ কৰিছে নিজেই সম্পাদনা।

"বহ্নিমান"-"ৰক্তবীজ" ৰ পিছতেই এইবাৰ "লখিমী"- 3


উল্লেখ্য যে, “লখিমী” ছবি খনৰ এটি দেশমূলক গীত মুক্তি দিয়া হব আগন্তুক বৰ্ষৰ জানুৱাৰী মাহত। ছবিখনৰ চিত্ৰগ্ৰহণ কৰিছে সুৰুয ডেকাই লগতে সাজসজ্জাৰ দায়িত্বত আছিল লোপমাদ্ৰা গগৈ বৰা। স্থিৰ চিত্ৰগ্ৰহণ পল্লবজ্যোতি মহন্তৰ,চাউণ্ড ডিজাইন মুম্বাস্থিত বিজিত চাঙমাইৰ আৰজ ডি আই কৰিছে গুড্ডু তিৱাৰীয়ে।


অহা বৰ্ষৰ ২৪ এপ্ৰিল তাৰিখে মুক্তি পাবলগীয়া এই ছবিখনত ৰাজ্য চৰকাৰৰ অতুল বৰাইও এটি বিশেষ চৰিত্ৰত অভিনয় কৰিছে। বিশ্বজিৎ বৰাৰ তেওঁৰ আগন্তুক প্ৰকল্পৰ বাবে ৰূপালী পৰ্দাৰ ফালৰ পৰা জনাইছো অশেষ শুভকামনা। ৯৪ মিনিট দৈৰ্ঘ্যৰ এই ছবিখনক লৈ খুবেই আশাবাদী কৰ্মকতা সকল।

1 comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.