Rupaliparda.com
প্ৰেমৰ সোঁৱাদেৰে “অন্বেষণ” - 1

প্ৰেমৰ সোঁৱাদেৰে “অন্বেষণ” –

কে কে ক্ৰিয়েটিভ লিমিটেডৰ বেনাৰত কৃষাণু শইকীয়া, ৰাজীৱ দত্ত আৰু পলাশ পৰাণৰ প্ৰযোজনা লগতে উৎপল শইকীয়াৰ পৰিচালনাৰে অসমীয়া চিনেমা জগতত সংযোজন হ’বলৈ আহি আছে এখন নতুন চিনেমা “অন্বেষণ”। প্ৰেমৰ পিয়াঁহত আঁতুৰ এজন ব্যক্তি; তেওঁৰ জীৱনৰ বিভিন্ন কাৰ্যকলাপ আৰু ঘটনাক কেন্দ্ৰ কৰিয়েই ঘূৰিব চিনেমাখনৰ কাহনীভাগ।

প্ৰেমৰ সোঁৱাদেৰে “অন্বেষণ” - 2
প্ৰেমৰ সোঁৱাদেৰে “অন্বেষণ” - 3

সম্প্ৰতি দৃশ্যগ্ৰহণৰ কাম চলি থকা “অন্বেষণ” ত অভিনয় কৰিছে আইমী বৰুৱা, গুঞ্জন ভৰদ্বাজ, ফেইৰীপ্ৰিয়া আহমেদ, বিষ্ণু খাৰঘৰীয়া, অৰুণ হাজৰিকা, অংশুমান ভূঞা, জুৰি শৰ্মা, ঋষভ শৰ্মা, কল্যাণজ্যোতি কাশ্যপ, দেৱাশিষ হাজৰিকা,দীপশ্ৰুতি হাজৰিকা আদিয়ে। বোলছবি খনৰ চিত্ৰনাট্য-সংলাপ লিখিছে পলাশ পৰাণে। সংগীত পৰিচালনা কৰিছে ইবচনলাল বৰুৱাই। বৰ্তমানলৈও ছবিৰ মুক্তিৰ তাৰিখ জানিব পৰা হোৱা নাই।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.