নাৰী কেন্দ্ৰিক অসমীয়া ছবিয়ে পূৰ্বৰ পৰাই লাভ কৰি আহিছে দৰ্শকৰ সমাদৰ। অজলা-অৱলা, অসহায় ৰূপতো নাৰীক প্ৰতিফলিত কৰা হৈছে ছবিসমূহত। কিন্তু এইবাৰ এক নতুন “কনচেপ্ট” ৰে আহি আছে এখন অসমীয়া ছবি “পখিলাৰ পাখি (Wings of Butterfly)”।

আহসান মজিদৰ পৰিচালনাৰে নিৰ্মিত এই ছবিখনত এগৰাকী নাৰীক কঠোৰ, দৃঢ় প্ৰতিজ্ঞ তথা সংগ্ৰামী ৰূপত উপস্থান কৰা হৈছে। উল্লেখ যে, পৰিচালক গৰাকীৰ পূৰ্বৰ ছবি “সনাম”-এ ইতিমধ্যে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত প্ৰদৰ্শিত হৈ দৰ্শকৰ পৰা সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল। কুমুদ গোস্বামীৰ চুটি গল্পৰ আধাৰত নিৰ্মিত “পখিলাৰ পাখি (Pokhilar Pakhi) শীৰ্ষক ছবিখনত মূল চৰিত্ৰ “পখিলা” ক এগৰাকী ধৰ্ষিতা ৰূপত দেখুওৱা যিয়ে এই পুৰুষকেন্দ্ৰিক সমাজ খনত নিজৰ অধিকাৰৰ বাবে প্ৰত্যেকটো সময়ত সংগ্ৰাম কৰিবলগীয়া হয়।

বিবাহ বিহীন এটা সম্পৰ্কত থাকিলে সমাজে কৰা বিভিন্ন মন্তব্যসমূহক সহ্য কৰা পিছতো “পখিলা” ৰ লগত থকা পুৰুষজনে এগৰাকী বিধৱাৰ বাবে তেওঁক এৰি দিয়ে আৰু বিধৱা গৰাকীৰ মৃত্যুৰ পিছত তেওঁ পুনৰ বাৰ “পখিলা” ৰ ওচৰলৈ ঘূৰি আহে যাতে তাই তেওঁৰ লগতে তেওঁৰ দুই সন্তানক আঁকোৱালি লয়। কিন্তু পখিলাই তেতিয়া কি কৰিব? ল’বনে আকৌ এবাৰ তেওঁক আঁকোৱালি?? এনে এক কাহিনীৰ ভেঁটিতেই নিৰ্মাণ কৰা হৈছে এই ছবিখন।

অৰ্চনা ভট্টাচাৰ্য্যৰ দ্বাৰা প্ৰযোজিত এই ছবিখনত অভিনয় কৰিছে পাপৰি শইকীয়া (পখিলা), লনিস্মিতা কাশ্যপ (সৰুকালৰ পখিলা), জিতুমণি কলিতা (ফুলেশ্বৰ), প্ৰতিভা চৌধুৰী (কাঞ্চন বাই), কাজুৰি কোঁৱৰ (মালতী), আৰিয়ন বৰঠাকুৰ (মধু), আইতা সৰুমাই ফুকন (আইতা)। ছবিখনৰ গীতত সংগীতত সংগীত দিছে অৰ্চনা ভট্টাচাৰ্য্যই লগতে চিনোমেটো’গ্ৰাফাৰ হিচাপে কাম কৰিছে নাহিদ আহমেদে। ছবিখনৰ Vfx আৰু পোষ্টাৰ নিৰ্মাণ কৰিছে প্ৰিয়ম চক্ৰৱৰ্তীয়ে। ছবিখনৰ বৰ্তমানলৈ মুক্তিৰ তাৰিখ দৰ্শকক জনোৱা হোৱা নাই।
Add comment