নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিবাদত নামিলে আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন জনপ্ৰিয় পৰিচালক জাহ্নু বৰুৱা। ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটাৰ পৰা প্ৰত্যাহাৰ কৰিলে তেওঁৰ দ্বাৰা নিৰ্মিত ছবি “ভগা খিৰিকী” ৰ নাম। সমগ্ৰ দেশৰ বিভিন্ন জনৰ লগতে জাহ্নু বৰুৱাইও প্ৰতিবাদ আৰম্ভ কৰিলে ব্যতিক্ৰমীধৰণে।


পদ্মভূষণ বঁটা বিজয়ী পৰিচালক জাহ্নু বৰুৱাৰ সৈতে এই কামত সহযোগ কৰে “ভগা খিৰিকী” ৰ নায়িকা জেৰিফা ৱাহিদেও। জাহ্নু বৰুৱাৰ মতে দেশত যি ঘটিছে সেয়া দূৰ্ভাগ্যজনক। দেশত সংঘটিত এনে ঘটনা সমূহৰ ফলতেই তেওঁ নিজৰ ছবিখনক আঁতৰাই অনা বুলি মন্তব্য কৰে।
1 comment