৯০ দশকত মুক্তি প্ৰাপ্ত জুবিন গাৰ্গৰ কেইটিমান গীতে বৰ্তমানেও দৰ্শকৰ হৃদয়ত এক গুৰুত্বপূৰ্ণ স্থান দখল কৰি ৰাখিছে। “অনামিকা” শ্ৰৱ্য কেছেটৰ দ্বাৰা দৰ্শকৰ মাজত নিজক চিনাকী কৰোৱা হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ দ্বিতীয়খন শ্ৰৱ্য কেছেটৰ নাম হৈছে “মায়া” (১৯৯৪)।


“অনামিকা” তকৈ অধিক বাণিজ্যিকভাৱে সুফল দেখুওৱাইছিল “মায়া”ই। এন কে প্ৰডাকচনৰ বেনাৰত এলবামটি প্ৰযোজনা কৰিছিল দেব কুমাৰে। সংগীত পৰিচালনাৰ লগতে তাত কন্ঠদান আৰু এলবামটিত সংযোজিত গীতসমূহ লিখিছিলো জুবিন গাৰ্গে নিজেই। জুবিনৰ লগতে গীতৰ কথা লিখিছিল কপিল ঠাকুৰ আৰু হীৰেন ভট্টাচাৰ্য্যই। লগতে, ইয়াত কন্ঠদান কৰিছিল জুবিন গাৰ্গ আৰু কবিতা কৃষ্ণমুৰ্তিয়ে।
এলবামটিত থকা গীতকেইটি হ’ল ক্ৰমেঃ
১. মায়া
২ নিৰিবিলি গধূলি
৩. জোনাকে
৪. ফুলেৰে সঁজালো
৫. দূৰে দূৰে
৬. উজাগৰী
৭. জোনাক গলা
৮. উন্মনা
Add comment