৮ বছৰীয়া পৰিকল্পনাৰে নিৰ্মিত অসমীয়া ছবিয়ে “অৱতৰণ”-এ আহি পালেহি নিজৰ শেষৰটো পৰ্যায়ত। অহা বৰ্ষত মুক্তি পাবলগীয়া এই ছবিখন তিনিটা যুগ অৰ্থাৎ ভূত, বৰ্তমান, ভৱিষ্যতৰ কাহিনীক একত্ৰিত কৰি নিৰ্মিত কৰা হৈছে।


২৫ হাজাৰ বৰ্ষৰ পূৰ্বৰ অৱস্থাৰ পৰা আদি কৰি ২০০ বছৰ পিছত পৃথিৱী কেনে এটা অৱস্থালৈ পৰিণত হ’ব তাৰ এক আভাষ দিয়া হ’ব এই ছবিখনত। “অৱতৰণ” ত পোন প্ৰথমবাৰৰ বাবে চলচিত্ৰ প্ৰেমীয়ে দেখিবলৈ পাব টেকন’লজিৰ ভৰপূৰ সমাৱেশ।


বিগত ৮ টা বৰ্ষৰ পৰাই এই ছবিখনক পূংখানুপূংখভাৱে উপস্থাপন কৰিবলৈ চেষ্টা কৰিছে “অৱতৰণ” ৰ লিখক তথা পৰিচালক তৰুণাভ দত্তই। টি.ডি ফিল্ম ষ্টুডিঅ’ৰ দ্বাৰা প্ৰযোজিত এই ছবিখনত অভিনয় কৰিছে ৰীমা কাইফ, অনন্যা পৰাশৰ, দেৱ্যাম শ্বীল, গোৱিন্দ মালাকৰ, ৰিম্পী দাস, সৌৰভ হাজৰিকা, প্ৰাঞ্জল শইকীয়া, পূৰ্ণিমা শইকীয়া আৰু সমীৰ ৰঞ্জনে।
1 comment